ETV Bharat / state

মৰিগাঁৱত অংগণবাদী কৰ্মীৰ দক্ষতা উন্নয়ন অনুষ্ঠান - মৰিগাঁৱত অংগনবাদী কৰ্মীৰ দক্ষতা উন্নয়ন অনুষ্ঠান

মৰিগাঁৱত পোষণ মাহৰ লগত সংগতি ৰাখি অংগনবাদী কৰ্মীৰ দক্ষতা উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখনৰ উপায়ুক্ত সহ অঞ্চলটোৰ বহু লোক ৷ অনুষ্ঠানখনত পুষ্টিহীনতাত ভুগা শিশুসকলৰ যত্ন সন্দৰ্ভত আলোচনা কৰা হয় ৷

Skill Development Program for Anganwadi Workers in Marigaon
মৰিগাঁৱত অংগণবাদী কৰ্মীৰ দক্ষতা উন্নয়ন অনুষ্ঠান
author img

By

Published : Sep 17, 2020, 9:23 PM IST

মৰিগাঁও,17ছেপ্টেম্বৰ: বৃহস্পতিবাৰে পোষণ মাহৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ ঝাৰগাঁৱত অংগণবাদী কৰ্মীৰ দক্ষতা উন্নয়ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ জিলাখনৰ মোহন বাশী দাস কনিষ্ঠ মহাবিদ্যালয়ত ৰাতিপুৱা ১১ বজাত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰৰ সপ্তাদভিপা ভট্টাচাৰ্যই আদৰণী ভাষণ ৰাখে ।

মৰিগাঁৱত অংগণবাদী কৰ্মীৰ দক্ষতা উন্নয়ন অনুষ্ঠান

অন্য এক খবৰৰ বাবে : হোজাইত উদযাপন বিশ্বকৰ্মা পূজা

এই অনুষ্ঠানৰ জৰিয়তে পুষ্টিহীনতাত ভোগা শিশু আৰু মহিলাৰ বাবে পুষ্টিকৰ আহাৰ যোগান ধৰিব পৰাকৈ অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলক সেউজীয়া শাক-পাচলি আৰু বিভিন্ন ফল-মূলৰ বাগান কৰিবলৈ পৰামৰ্শ দিয়ে কৃষি প্ৰযুক্তি প্ৰয়োগ গৱেষণা প্ৰতিষ্ঠান zone-viৰ সঞ্চালক এ.কে.ত্ৰিপাঠীয়ে ৷

Skill Development Program for Anganwadi Workers in Marigaon
মৰিগাঁৱত অংগনবাদী কৰ্মীৰ দক্ষতা উন্নয়ন অনুষ্ঠান

এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰই সহায় সহযোগিতা আগবঢ়াব বুলি সঞ্চালক গৰাকীয়ে সদৰি কৰে ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ জিলা উপায়ুক্ত লীনা দাস, সমাজ কল্যাণ বিভাগৰ জিলা সমন্বয়ক ৰুনজুন বৰ্মন,মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল দাস,অংগণবাদী কৰ্মী,কৃষক,অঞ্চলটোৰ মহিলাসকল আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মকৰ্তা সকল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.