ETV Bharat / state

Protest in Morigaon: মৰিগাঁৱত তিৱা সংগঠনৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 9, 2023, 10:15 PM IST

শুকুবাৰে মৰিগাঁৱত তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই (Protest in Morigaon) ৷

Tiwa Organisation Protest in Morigaon
কেইবাটাও তিৱা সংগঠনৰ উদ্শুদ্যোগত শুকুবাৰে মৰিগাঁৱত সাব্যস্ত কৰা হয় প্ৰতিবাদ
মৰিগাঁৱত উত্তাল প্ৰতিবাদ

মৰিগাঁও, 9 জুন: তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত শুকুবাৰে মৰিগাঁৱত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ তিৱা স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, ৰাজধানী সম্প্ৰসাৰণ আইন বন্ধ কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত হিন্দু বাঙালীসকলক মাটিৰ অধিকাৰ দিয়াৰ ষড়যন্ত্ৰ বন্ধ কৰাকে ধৰি বহুকেইটা দাবীত সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই (Several Tiwa Organisation Protest in Morigaon) ৷

শুক্ৰবাৰে পূৰ্বে ঘোষণা কৰা অনুসৰি সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত মৰিগাঁও চহৰ মাজমজিয়াত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদস্থলীত চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে মৰিগাঁৱৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (Tiwa Organisation Protest in Morigaon) ৷

সোমবাৰে সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে বহুকেইটা কাৰ্যসূচী ঘোষণা কৰিছিল তিৱা জনজাতীয় সংগঠনৰ নেতৃত্বই ৷ 9 জুনত সন্ধিয়া 6 বজাত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি সেই অনুসৰি শুকুৰবাৰে সন্ধিয়া এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই (Protest in Morigaon) ৷

প্ৰতিবাদত অঁশগ্ৰহণ কৰি তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰে কয় যে যেতিয়ালৈকে চৰকাৰে তিৱা জাতীয় সংগঠনৰ এই দাবী মানি নলয় তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব ৷ তদুপৰি তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত অহা 19 জুনত মৰিগাঁও নগৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল, এ30 জুনত সন্ধিয়া ঢোল, দবা-নাগাৰা,শংখ আদি বাদ্য বাদনেৰে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী, 10 জুলাইত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগটনকেইটাই ৷ ইফালে চৰকাৰী কঠোৰ আইনৰ পিছতো সংগঠন কেইটাই 2 আগষ্টত‌ 12 ঘণ্টীয়া মধ্য অসম বন্ধৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সদৰী কৰে ৷ লগতে 20 জুলাইত ৰে’লপথ অৱৰোধ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে সংগঠনকেইটাৰ নেতৃত্বই (Protest against Govt) ৷

লগতে পঢ়ক: Assam Silsako Beel Eviction: শিল সাঁকোত উচ্ছেদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.