ETV Bharat / state

মৰিগাঁৱৰ বজাৰ দখল কৰিছে সম্ৰ্ৰাটে - মচলাৰ উদ্যোগ

কিবা এটা কৰাৰ মানসেৰে মৰিগাঁৱৰ নুৰুল হুদা নামৰ ব্যক্তিগৰাকীয়ে 2009 চনত আৰম্ভ কৰে সম্ৰাট নামেৰে এটা মচলাৰ উদ্যোগ ৷ ক্ৰমাৎ উদ্যোগটোৱে মাহেকত 15/16 কুইণ্টল মচলা বিক্ৰী কৰিবলৈ ধৰে ৷ এদিন আত্মসংস্থাপনৰ বাবে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ টেবুলে-টেবুলে ঘূৰি ফুৰা নুৰুল হুদাই সম্প্ৰতি দুটা লঘু উদ্যোগত নিৰাপত্তাৰক্ষীকে ধৰি চল্লিশজনকৈ পুৰুষ-মহিলাক দিছে কৰ্ম সংস্থাপন ৷

মৰিগাঁৱৰ বজাৰ দখল কৰিছে সম্ৰ্ৰাটে
মৰিগাঁৱৰ বজাৰ দখল কৰিছে সম্ৰ্ৰাটে
author img

By

Published : Aug 21, 2020, 8:23 PM IST

মৰিগাঁও,21 আগষ্ট: একান্ত ইচ্ছা আৰু অধ্যৱসায়ৰ ফলত মানুহে সফলতাৰ পথ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয় ৷ তেনে এগৰাকী ব্যক্তি হৈছে মৰিগাঁৱৰ নুৰুল হুদা ৷ কিবা এটা কৰাৰ মানসেৰে ব্যক্তিগৰাকীয়ে 2009 চনত আৰম্ভ কৰে সম্ৰাট নামেৰে এটা মচলাৰ উদ্যোগ ৷ ক্ৰমাৎ উদ্যোগটোৱে মাহেকত 15/16 কুইণ্টল মচলা বিক্ৰী কৰিবলৈ ধৰে ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীয়ে আৰম্ভ কৰে চানাভজাৰ ব্যৱসায় ৷

মৰিগাঁৱৰ বজাৰ দখল কৰিছে সম্ৰ্ৰাটে

এদিন আত্মসংস্থাপনৰ বাবে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ টেবুলে-টেবুলে ঘূৰি ফুৰা নুৰুল হুদাই সম্প্ৰতি দুটা লঘু উদ্যোগত নিৰাপত্তাৰক্ষীকে ধৰি চল্লিশজনকৈ পুৰুষ-মহিলাক দিছে কৰ্ম সংস্থাপন ৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ ফলত জাৰি কৰা লক ডাউনে কিছু পৰিমাণে প্ৰভাৱ পেলাইছে উদ্যোগ দুটাত ৷ কিন্তু ইয়াৰ মাজতে সমাজসেৱাৰ মনোভাৱেৰে ব্যৱসায়ীগৰাকীয়ে জিলাখনৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বান আৰু খহনীয়াত আক্ৰান্ত লোকসকলক কৰি আহিছে পাৰ্যমানে সহায় ৷

লগতে চাওকঃ বৰপেটা অসামৰিক চিকিৎসালয়ত কৰ’ণা ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.