ETV Bharat / state

অৰুণোদয় আঁচনিৰ ধন ল’বলৈ ৰাইজৰ হাহাকাৰ - অভিলাষী আঁচনি

নগাঁও জিলাৰ বকলীয়াঘাটত অৰুণোদয় আঁচনিৰ ধন ল’বলৈ সাধাৰণ জনতাৰ মাজত হেতা ওপৰা ৷ এনে এক উৰাবাতৰি বকলীয়াঘাটত বিয়পি পৰিছে যে, চৰকাৰে দিয়া উক্ত ধন হিতাধিকাৰীয়ে উলিয়াই নিনিলে পুনৰ উভতি যাব ৷ সেয়েহে বেংকৰ বাহিৰে ভিতৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে সৰ্ব সাধাৰণ ৰাইজৰ ভিৰ ৷

AURUNADOY SCHEME
AURUNADOY SCHEME
author img

By

Published : Dec 24, 2020, 8:00 AM IST

ধিং, 24 ডিচেম্বৰ : অসম সাধাৰণ জনতাৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা এখন অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি ৷ নগাঁও জিলাৰ বকলীয়াঘাটৰ সাধাৰণ জনতাৰ মাজত এই আঁচনিক লৈ সৃষ্টি হৈছে এক সমস্যা ৷ অৰোণোদয়ে নিদ্ৰা হৰণ কৰিছে সাধাৰণ জনতাৰ লগতে বেংক কৰ্তৃপক্ষৰো ৷ বিজেপি চৰকাৰৰ অভিলাষী আঁচনি অৰোণোদয়ৰ দ্বাৰা ৮৩০ টকা লাভ কৰিবলৈ হেতা ওপৰা লগাইছে বকলীয়াঘাটৰ জনতাই ৷ পুৱা সাত বজাৰ পৰা বকলীয়াঘাটৰ একাংশ ৰাইজে গ্ৰামীণ বিকাশ বেংকটোৰ ভিতৰে বাহিৰে শাৰী পাতি এক অভাৱনীয় পৰিৱেশৰ সূচনা কৰে ৷

অৰুণোদয় আঁচনিৰ ধন ল’বলৈ ৰাইজৰ হাহাকাৰ

ইয়াৰোপৰি এনে এক উৰা বাতৰি বকলীয়াঘাটত বিয়পি পৰিছে যে, চৰকাৰে দিয়া উক্ত ধন হিতাধিকাৰীয়ে উলিয়াই নিনিলে পুনৰ উভতি যাব ৷ সেয়েহে বেংকৰ বাহিৰে ভিতৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে সৰ্ব সাধাৰণ ৰাইজৰ ভিৰ ৷ ৰসিক লোক সকলে মন্তব্য কৰিছে যে, আগন্তুক বিধান সভা নিৰ্বাচনত ভোটাৰক বাৰুকৈয়ে মন্ত্ৰমুগ্ধ কৰিব পৰা আঁচনি গ্ৰহণ কৰিছে চৰকাৰে ৷

উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনি একাংশ নেতা-কৰ্মীৰ বাবে হৈ পৰিছে অভিলাষ পূৰণৰ আহিলা ৷ আঁচনিখন ৰূপায়নৰ নামত স্বজন-তোষণ আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে বিভিন্ন জিলাত ৷ অৱশ্যে তাৰ মাজতেই বহুতকে এই আঁচনিয়ে উপকৃতও কৰিছে ৷

লগতে পঢ়ক : প্ৰশাসনিক অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে হাইলাকন্দিত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.