মৈৰাবাৰী, 1 ডিচেম্বৰ: ধিং সমষ্টিৰ মৈৰাবাৰীত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ কাৰ্বি আংলঙৰ মাঞ্জাত বাছ-তেল ভৰ্তি টেংকাৰৰ মুখামুখি সংঘৰ্ষ ৷ ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখে আহি থকা বাছ আৰু তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত হয় লোকজন ৷ দুৰ্ঘটনাটোত নিহত হোৱা লোক জনৰ নাম দিলদাৰ ৷
কাৰ্বি আংলঙৰ মাঞ্জা থানাৰ আপাৰ মহংদিজোৱাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত AS-21C-4996 নম্বৰৰ টাটা আল্ট্ৰা বাছখনে AS-14C-6713 নম্বৰৰ তেলৰ টেংকাৰ এখন অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ ইফালে দিলদাৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক: ৰঙিয়াত ইটিভি ভাৰতৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ