মৰিগাঁও,31 আগষ্টঃ 2021 বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে বিভিন্ন ৰণনীতি ৷ সমান্তৰলাকৈ, দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰায়ো ঘোষণা কৰে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৰণকৌশল ৷ দেওবাৰে জাগীৰোডত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
ৰিপুন বৰাই কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে নিজে নিৰ্বাচিত হৈ দেখুওৱাক তাৰ পিছত তেখেতে এশজন বিধায়ক লৈ ৰাজ্যপালৰ ওচৰলৈ যাব ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক নাম্বাৰ 100ক প্ৰত্যাহ্বান জনাই ৰপুন বৰাই হিমন্ত বিশ্ব শৰ্মা আগন্তুক নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব, এই কথা জানিয়ে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে নিৰ্বাচন নেখেলাৰ কথা ঘোষণা কৰিছে বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি তেখেতে কয় যে, অসমৰ ৰাইজে বিজেপি দলৰ ভুৱা পৰিৱৰ্তনক নিজ চকুৰে দেখিছে ৷ গতিকে এই ভুৱা পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণৰ পৰা মুক্তি লাভ কৰিবলৈ ৰাইজে কংগ্ৰছকেই জয়যুক্ত কৰিব ৷