ৰহা, 22 এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ৰঙালী বিহুৰ উন্মাদনা । দ্বিতীয় পৰ্যায়ত নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন সমাপ্ত হোৱাৰ পিচতে বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিহু অনুষ্ঠান । দেওবাৰে নিশা ঢোল পেঁপাৰ মাতে ৰজনজনাই উঠিল ৰহাৰ খলিহামাৰীৰ কপিলী নদীৰ পাৰ ।
খলিহামাৰী যুৱক সংঘৰ উদ্যোগত কপিলী পাৰৰ সান্দহখোৱা বালিত অনুষ্ঠিত হয় মুকলি বিহু । বিভিন্ন বিহুৱা দলসমূহে মুকলি বিহুত অংশগ্ৰহণ কৰি কঁপাই তুলিলে কপিলীৰ পাৰ । উল্লেখ্য যে মঞ্চৰ পৰিৱৰ্তে মুকলি আকাশৰ তলত অনুষ্ঠিত কৰা হয় বিহু । লগতে উপস্থাপন কৰা হয় অতীতৰ গ্ৰাম্য চহা জীৱনৰ প্ৰতিচ্ছবি ।