ETV Bharat / state

বিজেপিয়ে ব্যৱসায়িক দৃষ্টিভংগীৰে দল পৰিচালনা কৰে : অদীপ কুমাৰ ফুকন

ৰাজ্যৰ দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰি তোলাৰ দাবীৰে দেওবাৰে পুনৰ মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজনৈতিক বিশ্লেষক তথা বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনেও ৷

অদীপ কুমাৰ ফুকন
অদীপ কুমাৰ ফুকন
author img

By

Published : Sep 13, 2020, 4:43 PM IST

মৰিগাঁও, 13 ছেপ্তেম্বৰ: নগাঁও কাগজ কলকে ধৰি ৰাজ্যৰ দুয়োটা কাগজ কলেই উদ্ধাৰৰ বাবে অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ দেওবাৰে পুনৰ কাগজ কল দুটা পুনৰুজ্জীৱিত দাবীৰে মৰিগাঁৱত গ্ৰহণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ দেওবাৰে অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহ কৰে ৰাজনৈতিক বিশ্লেষক তথা বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে ৷

কলটোৰ কৰ্মচাৰীসকলৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অদীপ কুমাৰ ফুকনে কাগজ কল দুটাক পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ কৌশল অৱলম্বন কৰিছে সেই সকলোবোৰ বিষয়ে তাৎক্ষণিকভাৱে স্পষ্ট কৰিব লাগিব বুলি দাবী জনায় ৷ শেহতীয়াকৈ চৰকাৰে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 10 হাজাৰ কোটি টকাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে ৷ যদি চৰকাৰে 10 হাজাৰ কোটি টকাৰ এনে পৰিকল্পনা লৈছে তেন্তে তাৰ ভিতৰৰ 1000 কোটি টকা খৰচ কৰি দুয়োটা কাগজ কল উৎপাদনক্ষম কৰি কৰ্মচাৰীসকলৰ প্ৰাপ্য প্ৰদানৰ লগতে অসমৰ আন্তঃগাঁথনি টনকিয়াল কৰিবলৈ আহ্বান জনায় ৷

কোনো বহিৰাগত কোম্পানীৰ হাতত যাতে দুয়োটা কাগজ কল নিলাম কৰাৰ পৰিস্থিতি চৰকাৰে সৃষ্টি নকৰি, চৰকাৰ যদি অসমৰ জনগণৰ সপক্ষে আছে তেন্তে এই দুয়োটা উদ্যোগ ৰাজ্য চৰকাৰে নিজা প্ৰচেষ্টাৰে উৎপাদনক্ষম কৰি তোলক বুলিও দাবী জনায় বিশিষ্ট সাংবাদিকগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ মন্তব্য কৰে যে, বিজেপি চৰকাৰে ৰাজনীতি কৰোতে সদায় এটা বিনিময়মূলক দৃষ্টিভংগী ৰাখে ৷ তেওঁলোকে উপভোক্তা আৰু হিতাধিকাৰীৰ সৃষ্টি কৰি নিৰ্বাচনৰ পূৰ্বে ভোট কিনাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰে ৷

বিজেপিয়ে ব্যৱসায়িক দৃষ্টিভংগীৰে দল পৰিচালনা কৰে:অদীপ কুমাৰ ফুকন

বিজেপিয়ে ব্যৱসায়িক দৃষ্টিভংগীৰে দল পৰিচালনা কৰে ৷ তেওঁলোকে গিভ এণ্ড টেক পলিচী দিয়ে, সেয়ে চৰাকাৰেও জাগীৰোড কাগজ কল তাৎক্ষণিকভাৱে 30 দিনৰ ভিতৰত কাৰ্যক্ষম কৰি তোলক আৰু তাৰ বিনিময়ত প্ৰকিবাদকাৰী সকলে তেওঁলোকৰ সমষ্টিটো বিজেপিক দিব বুলি মন্তব্য কৰে অদীপ কুমাৰ ফুকনে ৷ জাগীৰোড কাগজ কল যদি চৰকাৰে পুনৰুজ্জীৱিত কৰি তুলিব নোৱাৰে তেন্তে জাগীৰোড কাগজ কলৰ প্ৰতিবাদকাৰীসকলে বিজেপিৰ দখলৰ পৰা কাঢ়ি আনিবলৈ বাধ্য হ'ব বুলিও সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: 3 জনগোষ্ঠীক স্বায়ত্ব শাষিত পৰিষদ ঘোষণাক আদৰণি মটক ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.