ETV Bharat / state

মৰিগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাইজক

author img

By

Published : Apr 25, 2021, 5:06 PM IST

কৰ'ণা মহামাৰীৰ আতংকৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাইজক ৷ মৰিগাঁও জিলাতো মূল্যবৃদ্ধিৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত ৷

All Goods  High Prices At Marigaon District
মৰিগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাইজক

মৰিগাঁও, 25 এপ্ৰিল : সমগ্ৰ দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে ত্ৰাহি মধুসুদন দেখুৱাইছে ৰাইজক ৷ দিনক দিনে হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ এফালে কৰ'ণা মহামাৰী আনফালে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হোৱাত জলা-কলা খাবলগীয়া হৈছে ৰাইজে ৷

সমান্তৰালকৈ মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰতো দেখা গ'ল একেই পৰিৱেশ ৷ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহি মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ কাৰণ ক'ভিড পৰিস্থিতিৰ সুযোগ লৈ মৈৰাবাৰী বজাৰত একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰতি লিটাৰ মিঠাতেলত 150ৰ পৰা 155 টকাত ক্ৰয় কৰিছিল যদিও দেওবাৰে মৈৰাবাৰীত প্ৰতিলিটাৰ মিঠাতেলৰ দাম 180/190 টকা লোৱা বুলি অভিযোগ কৰিছে গ্ৰাহক সকলে ৷ অকল মিঠাতেলতে নহয়, ইফালে প্ৰতিলিটাৰ ৰিফাইন তেল 200/210 টকা হোৱাৰ লগতে মগু-মচুৰ দালি, ব্ৰইলাৰ, মাছ-মাংসৰো হোৰাহোৰে বৃদ্ধি পাইছে মূল্য ৷ ফলত বজাৰলৈ আহি বিমোৰত পৰিব লগীয়া হৈছে জনতা ৷

আনহাতে, ক'ভিড পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰে লকডাউনৰ দৰে কঠোৰ পদক্ষেপ নোলোৱা সত্তেও একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি লুণ্ঠন কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷ অতিশীঘ্ৰে চৰকাৰ তথা যোগান বিভাগক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ লগতে অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সাধাৰণ জনতাই ৷

লগতে পঢ়ক-মৰাণৰ বজাৰে বজাৰে কি কৰিছে চক্ৰ বিষয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.