বটদ্ৰৱা,২৯ এপ্ৰিলঃ জৰাজীৰ্ণ পথে বাৰুকৈয়ে জীয়াতু ভোগাইছে জাজৰীবাসী ৰাইজক । বাৰম্বাৰ পথছোৱাৰ পুনৰ নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰিও সুদুত্তৰ পোৱা নাই সাধাৰণ ৰাইজে । এজাক বৰষুণতে পথছোৱা পৰিণত হয় বিশাল পুখুৰীলৈ । নগাঁও জিলাৰ বটদ্ৰৱাৰ সমষ্টিৰ অন্তৰ্গত অন্যতম গুৰুত্বপূৰ্ণ এই পথটোৱে সংযোগ কৰিছে নগাঁও জাজৰি আৰু মৰিগাঁৱক ৷
জাজৰি চাৰিআলিৰ পৰা কাকমাৰি পথচোৱা নতুনকৈ নিৰ্মাণ কৰা হ’ল যদিও তাৰ গাতে লাগি থকা প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্যৰ পথটোত শিল-বালি এচপৰাও নপৰিল । ফলত ঠাইখিনিত বহু কেইটা দ' গাঁতৰ সৃষ্টি হৈ জীয়াতু ভোগাইছে গাঁওবাসীৰ লগতে অন্যান্য পথচাৰীকো । শীঘ্ৰেই এই পথছোৱা নিৰ্মাণৰ দাবী জনালে ভুক্তভোগী ৰাইজে ।