ETV Bharat / state

Morigaon Civil Hopital : মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা

চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা ৷ এখন এক্স-ৰে তথা এটা চি টি স্কেন কৰিবলৈ বোন্দাপৰ দিব লাগে ৰোগীয়ে ৷ এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ মৰিগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে (Morigaon Civil Hopital) ৷

author img

By

Published : Mar 16, 2023, 10:33 PM IST

Morigaon Civil Hopital
চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা
চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা

মৰিগাঁও, 16 মাৰ্চ : ‘‘আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল ৷’’ হয়,অসমীয়াৰ এই আপ্ত বাক্যশাৰী আখৰে আখৰে প্ৰতিফলিত হৈছে মৰিগাঁও জিলাৰ একমাত্ৰ শ্বহীদ তিলক ডেকা-হেমৰাম পাটৰ-গুণাভিৰাম বৰদলৈ অসামৰিক চিকিৎসালয়ত । কিয়নো মাত্ৰ নামতহে থকা চিকিৎসালয়খনত নাই সাধাৰণ সুবিধাকনো ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে চিকিৎসালয়খনলৈ অহা ৰোগীৰ আত্মীয়ই (Poor condition of Morigaon Civil Hopital)৷

মন কৰিবলগীয়া যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাৰ একমাত্ৰ চিকিৎসালয়খনত বিভিন্ন সা-সুবিধা প্ৰদান কৰিব বুলি ৰাজহুৱা আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু সেই আশ্বাস, আজিলৈকে আশ্বাসেই হৈ ৰ’ল ৷ কাৰ্যত পৰিণতহে নহ’ল ৷ ফলত চিকিৎসালয়খনলৈ অহা ৰোগী আৰু ৰোগীৰ আত্মীয়ই চিকিৎসাৰ নামত প্ৰতিদিনে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছে ৷

অইন দিনাৰ দৰে, বৃহস্পতিবাৰে পুৱাৰে পৰা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চি টি স্কেন কক্ষৰ কাষত ৰৈ আছিল বহুকেইগৰাকী ৰোগী (Morigaon Civil Hopital) ৷ কিন্তু লাইন নথকাৰ বাবে চি টি স্কেন কক্ষৰ বাহিৰতে বোন্দাপৰ দিব লগাত পৰিছে ৰোগীয়ে ৷ ইফালে ৰোগীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, চি টি স্কেন কক্ষৰ বাহিৰতে আছে এটা উচ্চ ক্ষমতা সম্পন্ন ডি জি জেনেৰেটৰ মেচিন ৷ সেই মেচিনটো কিন্তু আজিলৈকে ব্যৱহাৰহে নকৰিলে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ফলত চি টি স্কেন কক্ষৰ বাহিৰতে বিকল হৈ পৰি ৰৈছে উচ্চ ক্ষমতা সম্পন্ন জেনেৰেটৰ মেচিনটো ৷

কেৱল এয়াই নহয়, মৰিগাঁও অসামৰিক চৰকাৰী চিকিৎসালয়ৰ শৌচালয়সমূহৰো অৱস্থা তেনেই তথৈবছ ৷ শৌচালয় চাফা কৰাৰ নামত ৰোগী তথা ৰোগীৰ আত্মীয়ৰ পৰা সংগ্ৰহ কৰে ধন ৷ কিন্তু আনহাতে চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই শৌচালয় অথবা চিকিৎসালয়খন লেতেৰা আৰু কদৰ্যময় হৈ পৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকে ৷ অৱশ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Kapili river bridge collapsed: নিৰ্মাণৰত অৱস্থাতেই খহি পৰিল কপিলী নদীৰ ওপৰৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.