মৰিগাঁও,10 নৱেম্বৰ: ৰাজ্যৰ আন আন ৰাজনৈতিক দলসমূহৰ দৰে মৰিগাঁৱতো ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা । সোমবাৰে মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন কৰ্মীসভাত গঠন কৰা হয় এখন 55 জনীয়া সমন্বয়ক সমিতি ৷ মৰিগাঁও জিলা কৃষক সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাখনত পৌৰহিত্য কৰে ৰাইজৰ দলৰ মৰিগাঁও সমিতিৰ আহ্বায়ক ৰত্নেশ্বৰ দেউৰীয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাকে প্ৰমুখ্য কৰি বহু কেইজন কৃষক নেতা উপস্থিত থাকে এই সভাখনত ৷
ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰামৰ সমিতিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন ব্যৰ্থতাৰ বিষয়ে আলেচনা কৰে ৷ সভাৰ শেষত সৰ্বসন্মতি ক্ৰমে এখন 55 জনীয়া সমন্বয়ক সমিতি গঠন কৰি অনাগত দিনত ৰাইজৰ দলে ৰাইজৰ লগত থাকিবলৈ প্ৰতিজ্ঞাবদ্ধ হয় ৷
লগতে পঢ়ক: পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান