ETV Bharat / state

Journalist accused of sharing pornographic video: অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক ! - Police failed to arrest accused who made pornographic video

অশ্লীল ভিডিঅ শ্বেয়াৰ কৰাৰ অভিযোগত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনকৈ সাংবাদিকক(Moirabari police arrest two journalists) । চাৰি লম্পটে এগৰাকী কিশোৰীক লৈ বনোৱা অশ্লীল ভিডিঅ’ৰ তথ্য বাতৰি আকাৰে সম্প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে । কিন্তু এতিয়াও মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ মৈৰাবাৰী আৰক্ষী ।

journalist arrested for sharing obscene video
Reporter Arrest: অশ্লীল ভিডিঅ শ্বেয়াৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সাংবাদিকক
author img

By

Published : Jul 25, 2022, 8:35 AM IST

ধিং, ২৫ জুলাই: মৈৰাবাৰী আৰক্ষীৰ চৰম ব্যৰ্থতা । মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ সলনি ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকক কৰিলে গ্ৰেপ্তাৰ । দুজনকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰি মৈৰাবাৰী আৰক্ষীয়ে দেখুৱালে বীৰত্ব (Journalist accused of sharing pornographic video) ।

মৈৰাবাৰীৰ পাশ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চাপৰিত সংঘটিত হৈছে এই অপৰাধজনীত ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, মৈৰাবাৰীৰ চাৰি লম্পটে এগৰাকী কিশোৰীক লৈ অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি ভাইৰেল কৰিছিল সামাজিক মাধ্যমত (Pornographic video made with teenager)। আৰু সেই ঘটনা সন্দৰ্ভত তেওঁলোকৰ কৰ্তব্যৰত চেনেল আৰু পৰ্টেলত বাতৰি সম্প্ৰচাৰ কৰিছিল মৈৰাবাৰীৰ সাংবাদিক দুগৰাকীয়ে । লগতে কিশোৰীগৰাকীৰ পিতৃয়েও যুৱককেইজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ।

কিন্তু অতি আচৰ্যজনকভাৱে আৰক্ষীয়ে অভিযুক্ত চাৰি লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ন'হল (Police failed to arrest accused who made pornographic video) । তাৰ পৰিৱৰ্তে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰা দুগৰাকী সংবাদিকক । নচিদুৰ ৰহমান আৰু মোছতোফিজুৰ ৰহমান নামৰ দুই সাংবাদিকক অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাছতেই মৈৰাবাৰীৰ সংবাদ মহলৰ লগতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: Margaret Alva meets Himanta Biswa Sarma: দিল্লীত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মাৰ্গাৰেট আলভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.