মৰিগাঁও, 19 অক্টোবৰ: 2021ৰ বিধানসভা নিৰ্বাচনৰ লগে লগেই যেন ব্যস্ততা অধিক বৃদ্ধি পাইছে শাসক আৰু বিৰোধীৰ ৷ তুংগত উঠিছে শাসক বিজেপিৰ বাক যুদ্ধ ৷ সোমবাৰে জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল যোগদান সভাত উপস্থিত বিজেপিৰ দুগৰাকীকৈ মন্ত্ৰী আৰু সাংসদ ক্ৰমে পল্লৱ লোচন দাস আৰু পীয়ুষ হাজৰিকা ৷ যোগদান সভাত উপস্থিত থাকি সাংসদ পল্লৱলোচন দাসৰ মন্তব্য, আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে ন-কংগ্ৰেছী নেতা ৰাম প্ৰসাদ শৰ্মাৰ কটা কাণ সংৰক্ষন কৰা হ’ব সংগ্ৰহালয়ত ৷ দৰ্শনাৰ্থীৰ বাবে সংৰক্ষণ কৰা হ'ব আৰপি শৰ্মাৰ কটা কাণ ৷ ৰিপুন বৰাক কটাক্ষ কৰি মন্তব্য কৰে যে, প্ৰথমে নিজৰ সমষ্টিত নিৰ্বাচন খেলি জিকি লওক ৰিপুন বৰাই, তাৰ পিছত ভাৱক মুখ্যমন্ত্ৰী হোৱাৰ কথা ৷
ইফালে আৰপি শৰ্মা এগৰাকী পাতল কথা কোৱা ব্যক্তি বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ সোমবাৰে জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল যোগদান সভাত উপস্থিত থাকি বিজেপিৰ দুয়োগৰাকী মন্ত্ৰী-সাংসদে এনেদৰে কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা আৰু ন-কংগ্ৰেছী নেতা আৰপি শৰ্মাক ৷ যোগদান কাৰ্যসূচীত কংগ্ৰেছ, অগপ আৰু অন্যান্য দলৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে গেৰুৱা দলত যোগদান কৰে ৷
লগতে পঢ়ক: বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল