মৰিগাঁও, 21 জানুৱাৰী : ঐতিহাসিক জোনবিলৰ পাৰত শুকুৰবাৰে পুৱা প্ৰতীকী ৰূপত ঐতিহাসিক বিনিময় মেলা (Historic Jonbeel Mela) শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । শুকুৰবাৰ গোভা ৰাজ্যৰ ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰতেই পুৱা প্ৰতীকী ৰূপত এইদৰে উদ্বোধন কৰা হয় প্ৰাচীন বিনিময় প্ৰথা (Ancient Exchange Practices at Jonbeel) গ’ল । এই বিনিময় প্ৰথা মুকলি কলে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (Chief Executive Member of Tiwa Autonomous Council) জীৱন চন্দ্ৰ কোঁৱৰে ।
উল্লেখযোগ্য যে, এইবেলি ক’ভিড পৰিস্থিতিৰ বাবেই অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে জোনবিল মেলা ৷ প্ৰথম দিনা তথা বৃহস্পতিবাৰে জোনবিলৰ পাৰত তথা দৰবাৰত পতাকাৰ উত্তোলন কৰে কৰে গোভা দেউৰজা দীপচিং দেউৰজাই । দেওশালৰ মন্দিৰত পৰম্পৰাগত পূজাও অনুষ্ঠিত কৰা হৈছে ।
ইফালে, শুকুৰবাৰে পুৱা ভাগত বিনিময় প্ৰথা, জোনবিলৰ পৰম্পৰাগত মৎস্য চিকাৰ কৰাৰ বিপৰীতে দুপৰীয়াৰ ভাগত ৰাজদৰবাৰ চলাৰ কথা আছে । এই দৰবাৰত মধ্য অসমৰ ১৮ জনকৈ প্ৰতীকি ৰজাক ভাট্টা প্ৰদান কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika to attend Jonbeel Fair) । ইয়াৰোপৰি অনুষ্ঠানত উপস্থিত থাকিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰ ।
লগতে পঢ়ক : পুৰণিগুদামলৈ আহি হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ?