মৰিগাঁও, 2 জুন : মৰিগাঁৱত আৰম্ভ নমামি ব্ৰহ্মপু্ত্ৰ ৷ ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰিবলৈ এইবাৰ পিছে চৰকাৰী পৃষ্ঠপোষকতাত নহয়, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে মৰিগাঁৱৰ একাংশ ৰাইজে অনুষ্ঠিত কৰিছে নমামি ব্ৰহ্মপুত্ৰৰ কাৰ্যসূচী ৷ বহিঃৰাজ্যৰ পুৰোহিত অথবা নামী-দামী মেগাষ্টাৰৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ পাৰত দোৱা আৰম্ভ কৰিছে ৰাইজে ৷ দীৰ্ঘদিন ধৰি খহনীয়াত বিধ্বস্ত হলৌকান্দাৰ গাঁৱৰ উত্তৰ হলৌকান্দা প্ৰাথমিক বিদ্যালয়খন এইবেলি খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱাত শংকিত বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলে এতিয়া ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰিবলৈ নদীৰ পাৰতে আৰম্ভ কৰিছে ৰাজহুৱা দোৱা কাৰ্যসূচীৰ ৷
আকৌ আৰম্ভ হ'ল নমামি ব্ৰহ্মপুত্ৰ ! - ৰাজহুৱা দোৱা কাৰ্যসূচী
চৰকাৰী প্ৰচেষ্টাত নহয়, মৰিগাঁৱৰ একাংশ ৰাইজৰ উদ্যোগত এইবাৰ নমামি ব্ৰহ্মপুত্ৰ