মৰিগাঁও, 24 অক্টোবৰঃ মৰিগাঁও লাহৰীঘাটত কিশোৰী যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল এজন বৃদ্ধ । ঘৰত পৰিয়ালৰ সদস্য নথকাৰ সুযোগ লৈ বৃদ্ধ লোকজনে চলাইছিল যৌন নিৰ্যাতন ৷
উল্লেখ্য যে, মৰিগাঁৱৰ লাহৰীঘাটত সংঘটিত হয় এই কিশোৰী নিৰ্যাতনৰ ঘটনা ৷ হাচমত আলী নামৰ 60 বছৰৰ উৰ্ধৰ বৃদ্ধ লোকজনে ঘৰত পৰিয়ালৰ কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ঘটনা অনুসৰি, শুকুৰবাৰে দিনৰ ভাগত মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত মৰিতলী গাঁৱৰ 10 নং ওৱাৰ্দৰ হাচমত আলী নামৰ এজন 60 বছৰৰ উৰ্ধৰ লোকে এঘাৰ বছৰীয়া কিশোৰীক এজনী শুই থকা অৱস্থাত যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে । ইতিমধ্যে হাচমত আলী নামৰ লোকজনে এই ঘটনা সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকলে ।
আনহাতে, এই ঘটনাটোৰ বিৰুদ্ধে লাহৰীঘাটৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীৰ পৰিয়ালে । ইতিমধ্যে উক্ত এজাহাৰৰ ভিতিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাচমত আলীক। এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।