ETV Bharat / state

মৈৰাবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - শ্ৰমিক

মৰিগাঁৱৰ মৈৰাবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷

One Dead in Road Accident At Marigaon
মৈৰাবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
author img

By

Published : Jun 29, 2020, 10:27 PM IST

মৰিগাঁও, 29 জুনঃ মৰিগাঁৱৰ মৈৰাবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷

মৰিগাঁৱৰ মৈৰাবাৰীত ৰড ভৰ্তি টেম্পু দুৰ্ঘটনাত পতিত হয় । উক্ত দুৰ্ঘটনাট থিতাতে নিহত হয় এজন শ্ৰমিক । শ্ৰমিক জনৰ নাম প্ৰাঞ্জল দাস বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, নগাঁও জিলাৰ ধিঙৰ শ্ৰমিক জন আহিছিল ৰড ভৰ্তি টেম্পু খনৰ ওপৰত । তীব্ৰ বেগত অহা AS -02AC-7161 নম্বৰৰ টেম্পু খন মৈৰাবাৰীৰ পৰা লাহৰীঘাট অভিমুখে গৈ থকা অৱস্থাত পশ্চিম মৈৰাবাৰীৰ ইংলিছ একাডেমিৰ সন্মুখত জৰা-জীৰ্ণ গড়কাপ্তানী পথটোৰ মাজতে বাগৰি পৰে ।

One Dead in Road Accident At Marigaon
মৈৰাবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

দুৰ্ঘটনা সংঘটিত কৰি দ্ৰাইভাৰ জন পলায়ন কৰে যদিও প্ৰাঞ্জলক ৰড ভৰ্তি টেম্পু খনে হেচামাৰি ধৰে । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী থানাৰ উপপৰিদৰ্শক কল্পজ্যোতি বৰাৰ সতে এটা আৰক্ষী দল উপস্থিত হৈ শ্ৰমিক জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে মৃত্যু হয় শ্ৰমিক জনৰ ।

লগতে পঢ়ক- বিমলা বসুমতাৰী হত্যাকাণ্ডঃ স্বামীয়ে ঘাতকক দিছিল ৩০ হাজাৰ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.