ETV Bharat / state

মৰিগাঁৱৰ নভেটিত মুকলি হ'ল অত্যাধুনিক তাঁতশাল কেন্দ্ৰ

author img

By

Published : Feb 4, 2021, 9:43 PM IST

বৃহস্পতিবাৰে মৰিগাঁৱৰ নভেটিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আঠখন তাঁতশাল থকা এটা অত্যাধুনিক কাপোৰ বোৱা কটা কেন্দ্ৰ । এই কেন্দ্ৰটি প্ৰশান্ত নাথ আৰু মেৰী দেৱী উদ্যোগত স্থাপন কৰা হৈছে ৷

morigaon-weaving-centre-open
মৰিগাঁৱৰ নভেটিত মুকলি হ'ল অত্যাধুনিক তাঁতশাল কেন্দ্ৰ

মৰিগাঁও, 4 ফেব্ৰুৱাৰী : মৰিগাঁৱৰ নভেটিত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আঠখন তাঁতশাল থকা এটা অত্যাধুনিক কাপোৰ বোৱা কটা কেন্দ্ৰ । এই তাঁতশাল কেন্দ্ৰটি মুকলি কৰে নেডফীৰ সাধাৰণ পৰিচালক অলী বৰাই ৷

এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে মৰিগাঁও ৰেচম, মৰিগাঁও সমাজ কল্যাণ বিভাগৰ বিষয়া সকল ৷ উল্লেখ্য যে এই কেন্দ্ৰটি প্ৰশান্ত নাথ আৰু মেৰী দেৱী উদ্যোগত স্থাপন কৰা হৈছে ৷ উক্ত সভাতে মৰিগাঁও জিলা শতাধিক শিপিনীক মানপত্ৰও প্ৰদান কৰা হয় ।

কেন্দ্ৰটো মুকলি কৰি আলী বৰাই কয় যে অসম যি ধৰণে এৰী মূগা উৎপাদন হয়, সেইয়া বিশ্বৰ কোনো জলবায়ুতে নহয় । গতিকে ৰাজ্যত এৰী মূগা উৎপাদনৰে আৰ্থসামাজিক উন্নয়নত বলিষ্ঠ পদক্ষেপ লোৱা থল আছে । ইয়াৰ সমান্তৰালভাৱে মৰিগাঁৱৰ নভেটিত স্থাপন কৰা এই তাঁতশাল কেন্দ্ৰটিয়ে থলুৱা শিপিনী সকলক তাঁতশালৰ জৰিয়তে আৰ্থিক স্বাৱলম্বি হ'বলৈ বহু পৰিমানে উৎসাহিত কৰিব ৷

লগতে পঢ়ক : কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.