ETV Bharat / state

মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ সংবাদমেল

author img

By

Published : May 23, 2020, 6:17 PM IST

২০১৭-১৮ বিত্তীয় বৰ্ষত তিৱা স্বায়ত্ব পৰিষদলৈ আৱন্টিত হৈছিল ৩৬ কোটি টকা । ইয়াৰে ২৫০ খন উন্নয়ন সমিতিৰ নেতৃত্বত পৰিষদীয় এলেকাত বিভিন্ন উন্নয়নমূলক কাম কৰা হৈছিল । এই সমিতিৰ সভাপতি, সম্পাদকৰ বিৰুদ্ধে উন্নয়নৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত কৰি উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল ।

Morigaon Tiwa Autonomous council press meet
তিৱা স্বায়ত্ব পৰিষদৰ সংবাদমেল

মৰিগাঁও, 23 মে' : তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাৰ সংবাদ মেল । তিৱা স্বায়ত্ব পৰিষদৰ ২৫০খন উন্নয়ন সমিতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে এক তদন্তৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতে শনিবাৰে সংবাদমেল সম্বোধন কৰে তিৱা স্বায়ত্ব পৰিষদৰ বিষয়বৱীয়াসকলে । সংবাদমেলত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰিগাঁও আৰক্ষীক যি তদন্ত কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে তাত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব তিৱা স্বায়ত্ব পৰিষদে ।

তিৱা স্বায়ত্ব পৰিষদৰ সংবাদমেল

উল্লেখ্য যে, ২০১৭-১৮ বিত্তীয় বৰ্ষত তিৱা স্বায়ত্ব পৰিষদলৈ আৱন্টিত হৈছিল ৩৬ কোটি টকা । ইয়াৰে ২৫০ খন উন্নয়ন সমিতিৰ নেতৃত্বত পৰিষদীয় এলেকাত বিভিন্ন উন্নয়নমূলক কাম কৰা হৈছিল । এই সমিতিৰ সভাপতি, সম্পাদকৰ বিৰুদ্ধে উন্নয়নৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত কৰি উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল । তাৰেই পৰিপ্ৰেক্ষিতত শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা প্ৰদান কৰি মৰিগাঁও আৰক্ষীক তদন্তৰ দায়িত্ব অৰ্পন কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সহযোগিতা আগঢ়াব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাৰে । শনিবাৰৰ সংবাদ মেলত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ,উপাধ্যক্ষকে ধৰি কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকল ।

লগতে পঢ়ক- বহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.