ETV Bharat / state

সুনীতাৰ কণ্ঠই মন্ত্ৰমুগ্ধ হাজাৰ শ্ৰোতা

মৰিগাঁৱৰ ৰূপহীবড়ী গাঁৱৰ এগৰাকী বোৱাৰী তথা কুকিল কণ্ঠীৰ গায়িকা সুনীতা পাটৰ ৷ অতি সাধাৰণ পৰিয়ালত বাস কৰা সুনীতাৰ কণ্ঠত নিগৰে সুৰৰ যাদু ৷ সুনীতাৰ সৈতে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰ...

author img

By

Published : Jul 27, 2020, 9:12 AM IST

morigaon Sunita Patar singing story
সুনীতাৰ কণ্ঠই মন্ত্ৰমুগ্ধ কৰিছে মৰিগাঁওবাসীক

মৰিগাঁও, 27 জুলাই : মৰিগাঁৱৰ ৰূপহীবড়ী গাঁৱৰ এগৰাকী বোৱাৰী সুনীতা পাটৰৰ কণ্ঠত নিগৰে সুৰৰ যাদু । যাৰ মৌ বৰষা কণ্ঠই সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা । অতি সাধাৰণ পৰিয়ালৰ বোৱাৰী সুনীতা পাটৰে নাজানে সংগীতৰ অ আ ক খ ৷ তথাপিও মহিলাগৰাকীয়ে মায়া ঢালি গাব পাৰে বিয়া নাম, প্ৰাৰ্থনা । দুই সন্তান আৰু দৈনিক হাজিৰা কৰা স্বামীৰ সৈতে অতি সাধাৰণভাৱে বাস কৰি আছে সুনীতা পাটৰে ৷

ইয়াৰ লগতে, সন্ধ্যা মেনন, শান্তা উজিৰ, লুনা সোণোৱালৰ পৰা আৰম্ভ কৰি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সকলো জনপ্ৰিয় গীত গায় সুনীতাই ৷ আনহাতে, গাঁৱৰ নাট, ভাওনা আদিত মাজে-সময়ে কণ্ঠদান কৰাআৰু ঘৰতে গীতৰ কলি গুণগুণাই ভালপোৱা সুনীতাৰ কণ্ঠদানৰ ভিডিঅ’ বিকাশ নামৰ ভতিজাকে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ পাচতে তেওঁ অপূৰ্ব সঁহাৰি লাভ কৰে ৷

উল্লেখ্য যে, ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰাৰ আশা পুহি ৰখাৰ কথা উল্লেখ কৰে কুকিল কণ্ঠীৰ গায়িকা সুনীতা পাটৰে ৷

লগতে পঢ়ক : ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 32228লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.