মৰিগাঁও, 27 জুন : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মৰিগাঁও জিলাৰ ভূৰাগাঁও বালিডোঙা কাণ্ডৰ মূল অভিযুক্তক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন ব্যক্তিগৰাকী ৬৫ বছৰীয়া ছৈয়দ আলী ৷ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ছৈয়দ আলীৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে কয় যে, অভিযুক্ত ছৈয়দ আলীৰ বিৰুদ্ধে ভূৰাগাঁও থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 376 আৰু পচক’ আইন(POSCO)ৰ অধীনত 112/21 নম্বৰত ৰুজু কৰা হৈছে গোচৰ ৷ মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ অন্তত মৰিগাঁও সদৰ থানাত জেৰা চলাই থকা হৈছে অভিযুক্ত ছৈয়দক ৷ যোৱা নিশা বালিডোঙাৰ নিজা ঘৰৰ পৰাই কৰায়ত্ত কৰা হৈছে অভিযুক্ত ছৈয়দ আলীক ৷
আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে সংবাদমেলত ঘটনাৰ বিষয়ত ব্যাখ্যা আগবঢ়াই কয় যে, যিহেতু কোনো চাক্ষুষ প্ৰমাণ নাছিল সেয়েহে বহুতো লোকক সোধ-পোচ কৰিবলগা হৈছিল ৷ অৱশেষত শনিবাৰৰ নিশা আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলী ।
আনহাতে, সংবাদ মাধ্যমক এই ঘটনাৰ বাতৰি সম্প্ৰচাৰ সন্দৰ্ভত এক বিশেষ আহ্বান জনাই আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷ যিহেতু ভুক্তভোগী কিশোৰী গৰাকী নাবালিকা আৰু এইটো এটা সন্দেহজনক ধৰ্ষণ-হত্যাৰ গোচৰ, গতিকে সংবাদ মাধ্যমক বাতৰি পৰিৱেশন কৰোঁতে সতৰ্কতা তথা সাংবাদিকতাৰ নীতি অনুসৰণ কৰিবলৈ অনুৰোধ জনায় ৷ মৃত ভুক্তভোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকৰো ছবি তথা নাম-ঠিকনা প্ৰকাশৰ পৰা বিৰত থকাৰ আহ্বান জনায় অপৰ্ণা নটৰাজনে ৷ ধৰ্ষণৰ ভুক্তভোগীৰ পৰিচয় প্ৰকাশ যে আইনমতে দণ্ডণীয় সেই কথা দোহাৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
উল্লেখ্য যে, এই ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্য যোৱা 25 জুনত ভূৰাগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ নাবালিকাগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি সম্পূৰ্ণ ন্যায় প্ৰদানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তাৰোপৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মৰিগাঁও জিলা আৰক্ষীক ৷ মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ পাচত এতিয়া আইনী প্ৰক্ৰিয়া কি দৰে আগবাঢ়ে সেয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : মৰিগাঁৱৰ শিশু ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ