মৰিগাঁও, 22 এপ্ৰিল: মৰিগাঁৱত উদযাপন সাতবিহু ৷ মৰিগাঁৱৰ পচতীয়াত সেউজতৰা যুৱক সংঘ আৰু ফুলবাৰী বিহু উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় সাতবিহু । এই সাতবিহুৰ উপলক্ষে বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে পুৱা ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকণ প্ৰতিযোগিতা ৷ আনহাতে সন্ধ্যা অনুষ্ঠিত কৰা হয় মুকলি বিহু প্ৰদৰ্শন ৷ মুকলি বিহুৰ বাকৰিত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহ সাধাৰণ সম্পাদক প্ৰদীপ ডেকা, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা উপস্থিত থকাৰ লগতে জনপ্ৰিয় প্ৰিয়ংকা,বৰলাকাই খ্যাত কৌতুক শিল্পীসকলে পৰিবেশন কৰে সাংস্কৃতিক অনুষ্ঠান । দুয়োখন বিহুৰ বাকৰিতে বহুকেইটা বিহু দলৰ বিহু নৃত্য, বাৰেৰহনীয়া কৃষ্টি পৰিবেশন আৰু মুকলি বিহুৱে আপ্লুত কৰে উপস্থিত ৰাইজক ৷ এই অনুষ্ঠানতে পুৰণি বিহু আৰু আধুনিক বিহুৰ বিষয়ে বক্তব্য ৰাখি বিহুক একাংশই বাণিজ্যকৰণ কৰা বুলি মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য নৱ কুমাৰ নাথে ।
মৰিগাঁৱৰ পচতীয়াত সাতবিহু উদযাপন
মৰিগাঁৱৰ পচতীয়াত সেউজতৰা যুৱক সংঘ আৰু ফুলবাৰী বিহু উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় সাতবিহু । বিহুৰ বাকৰিতে বহুকেইটা বিহু দলৰ বিহু নৃত্য, বাৰেৰহনীয়া কৃষ্টি পৰিবেশন আৰু মুকলি বিহুৱে আপ্লুত কৰে উপস্থিত ৰাইজক ৷
মৰিগাঁও, 22 এপ্ৰিল: মৰিগাঁৱত উদযাপন সাতবিহু ৷ মৰিগাঁৱৰ পচতীয়াত সেউজতৰা যুৱক সংঘ আৰু ফুলবাৰী বিহু উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় সাতবিহু । এই সাতবিহুৰ উপলক্ষে বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে পুৱা ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকণ প্ৰতিযোগিতা ৷ আনহাতে সন্ধ্যা অনুষ্ঠিত কৰা হয় মুকলি বিহু প্ৰদৰ্শন ৷ মুকলি বিহুৰ বাকৰিত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহ সাধাৰণ সম্পাদক প্ৰদীপ ডেকা, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা উপস্থিত থকাৰ লগতে জনপ্ৰিয় প্ৰিয়ংকা,বৰলাকাই খ্যাত কৌতুক শিল্পীসকলে পৰিবেশন কৰে সাংস্কৃতিক অনুষ্ঠান । দুয়োখন বিহুৰ বাকৰিতে বহুকেইটা বিহু দলৰ বিহু নৃত্য, বাৰেৰহনীয়া কৃষ্টি পৰিবেশন আৰু মুকলি বিহুৱে আপ্লুত কৰে উপস্থিত ৰাইজক ৷ এই অনুষ্ঠানতে পুৰণি বিহু আৰু আধুনিক বিহুৰ বিষয়ে বক্তব্য ৰাখি বিহুক একাংশই বাণিজ্যকৰণ কৰা বুলি মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য নৱ কুমাৰ নাথে ।
Body:মৰিগাঁৱত সাতবিহু উদযাপন। মৰিগাঁও পচতীয়া ৰ সেউজতৰা যুৱক সংঘ আৰু ফুলবাৰী বিহু উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে সন্ধ্যা অনুষ্ঠিত হয় সাতবিহু। সাতবিহুৰ উপলক্ষে বিহুৰ পতাকা, শ্বহীদ তৰ্পনৰ লগতে পুৱা ভাগত অনুষ্ঠিত হয় ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা। আনহাতে সন্ধ্যা অনুষ্ঠিত হয় মুকলি বিহু প্ৰদৰ্শন। মুকলি বিহু বাকৰিত মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহ সাধাৰণ সম্পাদক প্ৰদীপ ডেকা, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ লগতে জিনপ্ৰিয় প্ৰিয়ংকা,বৰলাকাই খ্যাত কৌতুক শিল্পী সকল উপস্হিত পৰিবেশন কৰে সাংস্কৃতিক অনুষ্ঠান। দুয়োখন বিহুৰ বাকৰিতে বহুকেইটা বিহু দলৰ বিহু নৃত্য, বিহু তথা বাৰেৰহনীয়া কৃষ্টি পৰিবেশন আৰু মুকলি বিহুৱে আটাইকে আপ্লুত কৰে। এই বিহুৰ বাকৰিতে বিহুৰ বিষয়ে পুৰণি বিহু আৰু আধুনিক বিহুৰ বিষয়ে বক্তব্য ৰাখি বিহুক একাংশ বাণিজ্যকৰণ কৰা বুলি মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য নৱ কুমাৰ নাথে।byte:speech.
Conclusion:ratul deka,etvbharat.morigaon