ETV Bharat / state

বোকা-পানী আৰু জাৱৰ-জোথৰে ভৰা মৰিগাঁৱৰ এটা পথ - morigaon

বোকা, পানী, জাৱৰ-জোথৰে ভৰা এক অৱৰ্ণনীয় পৰিৱেশৰ মাজত অৱস্থিত এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত স্থানীয় ৰাইজে অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিব লগা হৈছে ৷

বোকা, পানী আৰু জাৱৰ-জোথৰে ভৰা মৰিগাঁৱৰ এটা পথ
author img

By

Published : Jul 5, 2019, 11:26 PM IST

মৰিগাঁও, 5 জুলাইঃ মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষতে লাগি থকা আৰু মৰিগাঁও সদৰ আৰক্ষী থানা সংযোগী পথৰ কদৰ্যময় অৱস্থাই জ্বলা-কলা খুৱাইছে মৰিগাঁৱৰ ৰাইজক ৷ বোকা-পানী, জাৱৰ-জোথৰে ভৰা এক অৱৰ্ণনীয় পৰিৱেশৰ মাজত অৱস্থিত এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত স্থানীয় ৰাইজে অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিব লগা হৈছে ৷ উল্লেখযোগ্য যে, পথটোৰ চৌপাশে কেইবাখনো স্কুল, সাংস্কৃতিক প্ৰকল্প, চি আৰ পি এফ বিষয়াৰ কাৰ্যালয় থকাৰ উপৰিও মাত্ৰ চল্লিশ মিটাৰ নিলগতে মৰিগাঁও পৌৰসভাৰ কাৰ্যালয় অৱস্থিত ৷ ইয়াৰ লগতে মৰিগাঁও আৰক্ষী থানালৈও দৈনিক বহু সংখ্যক লোকে অহা-যোৱা কৰে ৷ এনে এটা গুৰুত্বপূৰ্ণ পথৰ মেৰামতিৰ বাবে চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

Intro:মৰিগাঁও জিলাপ্ৰশাসন,মৰিগাঁও পৌৰসভাৰ চকুত নপৰা এটা সদাব্যস্ত মধ্যযুগীয় পথ। এই মধ্যযুগীয় পথেৰে অহা যোৱা কৰে উপপতি সমাহৰ্তা, আহে আৰক্ষী পৰিৰ্দশক,আহে চি আৰ পি এফৰ কামাণ্ডাৰ। কোৰো চকুত নপৰা এই বোকাময় পথৰ সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

Body:এটা মধ্যযুগীয় পথ। পানী বোকাময় পথ। তাকো চশিন মানুহৰ আড্ডা স্হলীত। কব বিচাৰিছো মৰিগাঁৱৰ চহৰৰ মাজমজিয়াৰ মৰিগাঁও ৰাজহ চক্ৰ বিষয়া, জিলা গাওঁ বুঢ়া সন্থা,মৰিগাঁও আৰক্ষী থানা, মৰিগাঁৱস্হ চি আৰ পি এফ, মুহিলা হোম স্কুল আৰু সাংস্কৃতিক প্ৰকল্প বিহুতলীৰ গাতে থকা এইটো পথৰ বিষয়ে । এই পথেৰে দিনে নিশাই মৰিগাঁও আৰক্ষী থানালৈ অহাযোৱ কৰে মৰিগঁঞা ৰাইজ। পিছে এই পথছোৱাৰ অৱস্হা চাওক। পানী,বোকা জাবৰজোথৰে এক অবৰ্ণনীয় পৰিবেশ। অহা যোৱা কৰিব নোৱাৰে মানুহ। তথাপিও এইপথৰে অহাযোৱা কৰে দুচকীয়া বাহন। তাৰমাজতে আছে তিনিখনকৈ ক্ষুদ্ৰ চাহপান তামোলৰ দোকান।
আমি নকও ছবি চাই আপুনি নিজেই ধাৰণা কৰক। এই পথছোৱা প্ৰত্যক্ষ কৰি গাহৰিৰ ডাবৰ লগত তুলনা কৰিব নে গোণা মহৰ ডাবৰে তুলনা কৰিব। হয়, সেয়ে এই পথেৰে যি আহে সকলোৱে এই মধ্যযুগীয় গুৰুত্বপূৰ্ণ পথছোৱা ভাল কৰাটো বিচাৰিছে।কাৰণ এইছোৱা পথৰ চল্লিশ মিটাৰ নিলগতে আছে মৰিগাঁও পৌৰসভাৰ।আছে ৱাৰ্ড কমিচনাৰ।আছে ধিধায়ক ৰমাকান্ত দেউৰী।।byte:public+AJYCP worker.
হয় আপুনি ঠিকেই শুনিছে। ঠিকেই দেখিছে আপুনি। পিছে ৰাইজৰ হুঁ-হ্যাঁ,ইচ-আচ কাণত নপৰে মৰিগাঁৱৰ বৰমূৰীয়া সকলৰ।চকু থাকিও নেদেখে মৰিগাঁও আৰক্ষী থানাৰ বৰমূৰীয়া আৰক্ষীৰ, চকুত নপৰে উপপতি সমাহৰ্তাৰ,গুৰুত্ব নিদিয়ে চি আৰ পি এফৰ বিষয়াৰ, আচনি নাই মৰিগাঁও পৌৰসভাৰ ।ফলত উন্নত যাতায়তৰ নামত দৈনিক বোকা পানীৰ মাজেৰে আহযাহ কৰে ৰাইজ।

Conclusion:ratul deka,etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.