মৰিগাঁও, ১৮ ফেব্ৰুৱাৰীঃ কোটিটকীয়া পানীযোগান প্ৰকল্প থকাৰ পিচতো বিগত তিনি দশক ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মৰিগাঁৱৰ জিলাৰ ৩ নং ৱাৰ্ডৰ ৰাইজ । জনস্ৱাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ দায়বদ্ধতা আৰু কাৰ্যক্ষমতাৰ ফোপোলা স্ৱৰূপ উদঙাই দিছে মৰিগাঁৱৰ এই আচনিখনে।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
জনস্ৱাস্থ্য কাৰিকৰী বিভাগৰ কোটিটকীয়া আচনি ক্ৰমাৎ জহিখহি যোৱাৰ সমান্তৰালকৈ অসামাজিক কাম কাজৰ ঘাটিলৈ পৰিণত হৈছে। জানিব পৰা মতে অগপ চৰকাৰৰ দিনতে আৰম্ভ হোৱা ৫ বিঘা মাটিত স্থাপন কৰা এই প্ৰকল্পটোত কংগ্ৰেছ চৰকাৰে তিনিটা কাৰ্যকাল পাৰ কৰে যদিও বিশুদ্ধ খোৱা পানীৰ মুখ দেখা নাপালে মৰিগাঁওবাসীয়ে। অতি পৰিতাপৰ বিষয় এয়ে যে পৰিৱৰ্তনৰ শ্লগান দি শাসনৰ বাঘজৰী লোৱা চৰকাৰখনৰ আজিলৈকে মৰিগাঁৱৰ বিধায়কৰ ছাঁটোকে দেখা নাই জিলাখনৰ ৰাইজে।