ETV Bharat / state

আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী

author img

By

Published : Feb 8, 2020, 3:57 AM IST

বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত এগৰাকী 8 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি লোমহৰ্ষক হত্যাকাণ্ড কৰা মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ ৷

আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী
আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী

মৰিগাঁও, 8 ফেব্ৰুৱাৰীঃ 24 ঘণ্টাৰ ভিতৰত মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জেওৰা খুটিৰে হানি খুচি হত্যা কৰা ধৰ্ষকাৰী অৱশেষত আৰক্ষীৰ জালত ৷

বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত 8 বছৰীয়া কিশোৰীগৰাকীক নিৰ্জন ঠাইত নি জেওৰা খুটিৰে বান্ধি বলৎকাৰ কৰি জেওৰা খুটিৰেই হানি খুচি হত্যা কৰা হৈছিল । তাৰ পাচতেই মৰিগাঁও আৰক্ষীৰ তৎপৰতাত হত্যাকাণ্ডৰ মূল খলনায়ক টুটু ডেকাক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ শুকুৰবাৰে হত্যাকাৰীয়ে চিনাক্ত কৰিলে ঘটনাস্থলীৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত জেওৰা খুটি ।

আৰক্ষীৰ জালত 8 বছৰীয়া কিশোৰী ধৰ্ষণকাৰী

বৃহস্পতিবাৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ গৈ আবেলি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বহু বিচাৰ সোচাৰ কৰে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহয় ৷ পিচত সন্ধিয়া ভাগত উলংগ অৱস্থাৰ উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷

উল্লেখযোগ্য যে, আৰক্ষীৰ জেৰাত শলমাৰীৰ গাঁৱৰ টুটু ডেকা নামৰ লম্পটটোৱে ধৰ্ষণ কৰি হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ৷ সম্প্ৰতি মৰিগাঁও আৰক্ষীয়ে 92/2020 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 376/AB/302/201, R/W sections 4 of the POCSO 2012 অধীনত টুটু ডেকাক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

Intro: মৰিগাঁৱত কিশোৰী ধৰ্ষণৰ পিছত হানিখুচি হত্যা আৰু
মৃতদেহ লুকুৱাই ৰখোৱা হত্যাকাৰী মৰিগাঁও আৰক্ষীৰ জালত। বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথৰ নিৰ্জন ঠাইত এই ৰোমহৰ্ষক হত্যাকাণ্ড । শুক্ৰবাৰে হত্যাকাৰীৰ জৰিয়তে চিনাক্ত কৰিলে ঘটনাস্হলী আৰু হত্যাকাণ্ডত ব্যবহৃত জেওৰা।Body:নিৰ্ভয়া কাণ্ডৰ মূল অভিযুক্তৰ ফাচি ৰায়দানৰ সময়তে
বৃহস্পতিবাৰে মৰিগাঁৱত সংঘটিত হৈছিল শিহৰণকাৰী হত্যাকাণ্ড । মৰিগাঁও আৰক্ষীৰ তৎপৰতাত হত্যাকাণ্ডৰ মূল খলনায়ক আৰক্ষীৰ জালত পৰিল ।বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱা কণমানি কিশোৰীক নিৰ্জন ঠাইত জেওৰা খুটিত বান্ধি বলৎকাৰ কৰি জেওৰা খুটিৰে হানি খুচি হত্যা।এই ঘটনাই মৰিগাঁও আৰক্ষীক হচকিত কৰি তুলিছিল। ঘটনাৰ বিৱৰণী মতে বৃহস্পতিবাৰে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শ’লমাৰীৰ কৰাইবাৰী তথা উজানমাৰীৰ নুৰ মহমদৰ কন্যা সন্তান কণমানি তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰী শ’লমাৰীৰ সংযুক্ত প্ৰাথমিক বিদ্যালয়লৈ গৈ আবেলি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰি চলাথ কৰে। কোনো সন্ধান নোলাল দিনৰ ভাগত ছাত্ৰী গৰাকীৰ । বহু বিচাৰ- সোচাৰৰ অন্তত এডোখৰ নিজান ঠাইত সন্ধিয়া উলংগ অৱস্থাৰ উদ্ধাৰ কৰে কিশোৰী গৰাকীক ।উল্লেখযোগ্য যে শলমাৰীৰ গাঁৱৰ টুটু ডেকা নামৰ লম্পদটোৱে ধৰ্ষণ কৰি হত্যা কৰাৰ বৰ্ণনা দিলে নিজমুখে।byte:1-criminal
উল্লেখ্য যে এবছৰমান আগৰ পৰা উক্ত স্থানত মৎস্য ব্যৱসায়ৰ লগত জড়িত হৈ থকা পৰিয়ালটোৰ ৮ বছৰীয়া দূৰ্ভগীয়া শিশু গৰাকীক এই হাবিৰ মাজতে এইডাল জেওৰাৰে কেনেদৰে হানি হানি হত্যাকাণ্ড সংঘটিত কৰিছিল তাৰ বৰ্ণনা শুনক হত্যাকাৰীৰ মুখেৰে।bytes-2- criminal
মনকৰিবলগীয়া যে শুক্ৰবাৰে আৰক্ষীয়ে হত্যাকাৰীক লৈ ঘটনাস্হলী পৰিদৰ্শন কৰাৰ লগতে সেই জেওৰাডাল উদ্ধাৰ কৰে হত্যাকাৰীৰ জৰিয়তে । বৃহস্পতিবাৰে সংঘটিত এই অবৰ্ণনীয় হত্যাকাণ্ডৰ বিপৰীতে মৰিগাঁও আৰক্ষীয়ে 92/2020 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 376/AB/302/201, R/W sections 4 of the POCSO 2012 অব্যাহত ৰাখি স্হানীয় শলমাৰী গাঁৱৰ এই মানুহৰূপী দানবটোক গ্ৰেপ্তাৰ কৰে আৰু আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰাৰ পিছতে এনেদৰেই ঘটনাস্হলীত মৰিগাঁও আৰক্ষী গৈ উপস্থিত হৈ অধিক অনুসন্ধান অব্যাহত ৰাখিছে ।

Bytes-3-criminalConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.