ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ

author img

By

Published : Aug 11, 2020, 4:00 PM IST

মৰিগাঁৱৰ লাহৰীঘাটত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ নামত প্ৰহসন। দৰিদ্ৰ হিতাধিকাৰীয়ে গোচৰ তৰিলে সভাপতিৰ বিৰুদ্ধে । আৰক্ষীৰ তদন্ত অব্যাহত । ঠিকাদাৰৰ ৰূপত অবতীৰ্ণ স্বয়ং পঞ্চায়ত সভাপতি মোস্তাফা ।

MORIGAON PMAY CORRUPTION
প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ

মৰিগাঁও,11আগষ্টঃ মৰিগাঁও জিলাত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ ৷ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উঠিছে লুন্ঠন চলোৱাৰ অভিযোগ ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থা একাংশ জনপ্ৰতিনিধিৰ বাবে বুমেৰাং হৈ পৰা দেখা গৈছে ৷ বিপাঙত সহজ-সৰল তথা দৰিদ্ৰ হিতাধিকাৰী ৷ বিভিন্ন চল-চাতুৰিয়ে হিতাধিকাৰীৰ পৰা ধন আদায় কৰি স্বয়ম্ভূ ঠিকাদাৰৰ ৰূপত আত্মপ্ৰকাশৰ কৰাৰ অভিযোগ উঠিছে গাঁও পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ।

শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে মৰিগাঁও লাহৰীঘাট উন্নয়ন খণ্ডত । উন্নয়ন খণ্ডটোৰ ধূপগুৰি গাঁও পঞ্চায়তত হিতাধিকাৰীৰ নামত আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম নিম্নমানৰ সামগ্ৰীৰে কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে লাহৰীঘাটৰ ধুপগুৰি গাঁও পঞ্চায়তৰ সভাপতি মস্তোফা আহমেদৰ বিৰুদ্ধে ।

উল্লেখযোগ্য যে, সংশ্লিষ্ট পঞ্চায়তটোৰ মৃত আব্দুল আলীৰ পত্নী ৰাবিয়া খাতুনৰ নামত আবণ্টিত হোৱা গৃহটোৰ কাম কৰিছিল সভাপতি মস্তোফা আহমেদে । সভাপতি গৰাকীয়ে গৃহটো নিৰ্মাণ কৰোতে নিম্নমানৰ সামগ্ৰীৰ লগতে একেবাৰে নিম্ন মানৰ টিন পাত লগোৱাৰ ফলত গৃহটিৰ কাম সম্পূৰ্ণ নহওতেই এজাক বৰষুণ আহিলেই বাহিৰত পৰাৰ আগতে ঘৰৰ ভিতৰত পৰে বৰষুণৰ পানী ৷

ইপিনে উপায়ন্তৰ হৈ ভূক্তভোগী মহিলাগৰাকীয়ে পঞ্চায়ত সভাপতি মস্তোফাৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । লাহৰীঘাট আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত সভাপতিগৰাকীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ মৃত পত্নীক ব্যতিক্ৰম ধৰণে জীৱন্ত কৰিলে স্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.