ETV Bharat / state

মৰিগাঁৱত জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত সজাগতা সভা - অসম কৃষি বিশ্ববিদ্যালয়

মৰিগাঁৱৰ বঘৰা অঞ্চলত কৃষকসকলৰ মাজত অনুষ্ঠিত হয় ছখনকৈ সজাগতা সভা ৷ জৈৱিক সাৰ APSA-80 ৰ প্ৰয়োগ আৰু জৈৱিক কৃষি পদ্ধতিত ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত আলোচনা কৰা হয় এই সজাগতা সভাত ৷

Morigaon organic farming  awareness
মৰিগাঁৱত জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত সজাগতা সভা
author img

By

Published : Feb 8, 2021, 7:51 AM IST

মৰিগাঁও,8ফেব্ৰুৱাৰী: দেওবাৰে মৰিগাঁও কৃষি চক্ৰৰ অন্তৰ্গত বঘৰা অঞ্চলত কৃষকৰ মাজত অনুষ্ঠিত হয় ছখনকৈ সজাগতা সভা। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জৈৱিক সাৰ APSA-80 ৰ প্ৰয়োগ আৰু জৈৱিক কৃষি পদ্ধতিত ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত এই সভাত আলোচনা কৰা হয় ৷

Morigaon organic farming  awareness
মৰিগাঁৱত জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত সজাগতা সভা

মৰিগাঁও কৃষি চক্ৰৰ অন্তৰ্গত এজাৰবাৰী,শিঙিমাৰী,কলবাৰীকে ধৰি ছখনকৈ গাঁৱৰ কৃষকৰ মাজত জৈৱিক সাৰৰ প্ৰয়োগৰ বিষয়ে সজাগ কৰাৰ অৰ্থে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় । জীৱন জেউতি কৃষক সংঘৰ সমন্বয়ক তুলসী ডেকাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সজাগতা সভাত জিলাখনৰ কৃষি বিভাগৰ হৈ জ্যেষ্ঠ কৃষি পৰিদৰ্শক মোহন বৰা আৰু APSA-80ৰ প্ৰয়োগৰ বিষয়ে ব্যাখ্যা আগবঢ়াই ৰূপেশ দেৱনাথে ।

উল্লেখ্য যে,APSA-80 নামৰ জৈৱিক সাৰ বিধৰ প্ৰায়োগিক দিশ আৰু ইয়াৰ বৈশিষ্ট্য ৰাশিৰ পৰীক্ষা কৰি যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ে এই সাৰ বিধক কৃষিক্ষেত্ৰত প্ৰয়োগৰ অনুমোদন জনাইছে । যাৰ ফলশ্ৰুতিত মৰিগাঁৱৰ কৃষকসকলৰ মাজত এই বিধ জৈৱিক সাৰৰ বিষয়ে সজাগতা অনাৰ বাবে সভাৰ আয়োজন কৰা হয় ৷

অন্য এক খবৰৰ বাবে: নলবাৰীত 'গজালি'ৰ অষ্টম বৰ্ষপূৰ্তি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.