মৰিগাঁও,19 মে’: নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে মৰিগাঁৱৰ বিভিন্ন কণ্টেইনমেণ্ট জ'ন আৰু জিলাখনৰ একাধিক ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে । সোমবাৰে আৰক্ষী অধীক্ষক গৰাকীয়ে মৰিগাঁৱত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাচতে মঙলবাৰে প্ৰথমটো কাৰ্যসূচীৰূপে বহুকেইটা কণ্টেইনমেণ্ট জ'নৰ নিৰাপত্তাৰ লগতে ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ৷
![ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11812536_image-1.jpg)
উল্লেখ্য যে, মঙলবাৰৰ দিনটোত আৰক্ষী অধীক্ষক গৰাকীয়ে ক্ৰমে ভূৰবন্ধা আদৰ্শ চিকিৎসালয়, ঔগুৰি মাধ্যমিক বিদ্যালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়, মৰিগাঁও মজলীয়া বিদ্যালয়, গোঁহাই বৰুৱা প্ৰাথমিক বিদ্যালয়, অভ্যাসন প্ৰাথমিক বিদ্যালয়ক আদি পৰিদৰ্শন কৰে ৷ ইয়াৰ লগতে নৱ নিযুক্ত অধীক্ষক গৰাকীয়ে ৰেপিড এণ্টিজেন পৰীক্ষা কৰা জিলাখনৰ বিভিন্ন ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ।
![ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11812536_image-2.jpg)
লগতে পঢ়ক : কৰ'ণাৰ সংক্ৰমণ আৰু শিশুৰ সুৰক্ষা : কি কয় বিশেষজ্ঞ চিকিৎসকে