মৰিগাঁও,12 আগষ্টঃ মৰিগাঁৱত দুদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম কবি সমাজৰ 29 সংখ্যক দ্বি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । এই প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে শনিবাৰৰ পৰা মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিভিন্ন কাব্যিক অনুষ্ঠান । প্ৰথম দিনাৰ অনুষ্ঠান হিচাপে পতাকা উত্তোলন, স্মৃতিৰ ৰত্নৰ পাছত মুকলি কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয় । ইফালে শনিবাৰে নিশা পুৰণা সমিতি ভংগ কৰি ৰাজেন্দ্ৰ বৰদলৈৰ সভাপতি আৰু সীমা বৰাক সম্পাদক প্ৰধান ৰূপে বাচনি কৰি এখন 27 জনীয়া নতুন সমিতি গঠন কৰা হয় ।
দেওবাৰৰ পুৱা ভাগত সামৰণি অনুষ্ঠানত পুৱা কবিতা পাঠ অনুষ্ঠানৰ পাছত দুপৰীয়া নৱনিৰ্বাচিত সভাপতি ৰাজেন্দ্ৰ বৰদলৈৰ পৌৰহিত্যত অনুষ্ঠিত হয় মুকলি সভা। এই মুকলি সভা উদ্ধোধন কৰে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই। এই অনুষ্ঠানত নিদিষ্ট বক্তা ৰূপে বক্তব্য আগবঢ়াই বিশিষ্ট কবি নন্দ সিং বৰকলাই। মনকৰিবলগীয়া যে,এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীকে ধৰি চাৰি গৰাকী বিশিষ্ট সাহিত্যিকে চাৰিখন গ্ৰন্থ উন্মোচন কৰে ।