মৰিগাঁও,15 নৱেম্বৰঃ পৰ্যটন উদ্যোগেৰে মৰিগাঁও জিলাৰ মায়ঙৰ 20 গৰাকী শিক্ষিত যুৱকৰ কৰ্মসংস্থাপনৰ পথ মুকলি । বিগত কেইবছৰমানৰ পৰা পৰ্যটনক উদ্যোগ হিচাপে লৈ পবিতৰা অভয়াৰণ্যলৈ অহা পৰ্যটকক ভ্ৰমণ কৰাই লাভ কৰা অৰ্থৰে পৰিয়ালৰ পোহপাল দি আহিছিল । বিশেষকৈ পবিতৰা অভয়াৰণ্য লৈ অহা দেশ বিদেশৰ পৰ্যটকক ভ্ৰমণ কৰাই বিগত বৰ্ষসমূহত মুকলি কৰিছিল সংস্থাপনৰ পথ ।
![morigaon jeep safari youths](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg15-nov-jeepsafari-rtu-805-vis-img-bt-as10005_15112020211027_1511f_01891_1003.jpg)
পিছে এইবেলি ক’ডিড-19 পৰিস্থিৰ বাবে এতিয়া লৈ এশিঙীয়া গঁড়ৰ ৰাম্য ভূমি পবিতৰালৈ আগমণ ঘটা নাই দেশী বিদেশী পৰ্যটকৰ । সেয়েহে হতাশাত ভোগিছে মৰিগাঁৱৰ মায়ঙৰ পৰ্যটনৰ উদ্যোগীসকল।
![morigaon jeep safari youths](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg15-nov-jeepsafari-rtu-805-vis-img-bt-as10005_15112020211027_1511f_01891_511.jpg)
লগতে পঢ়কঃ ধ্বংসৰ গৰাহত মৰাণৰ প্ৰায় দুই শতাধিক মৈদাম