মৰিগাঁও,১০ জুলাইঃ মৰিগাঁৱত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত ককায়েকৰ ঘৰ জ্বলাই দিলে ভায়েকৰ ল'ৰা-ছোৱালীয়ে । ঘটনাৰ বিৱৰণীমতে বিগত 23 জুনত মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত তৰাজান গড়মাৰী গাঁৱৰ হনুফা বেগম আৰু নুৰনেহা বেগমৰ ঘৰ জ্বলাই দিছিল খুৰাকৰ পৰিয়ালৰে তৌফিক উদ্দিন,চাহিদা বেগম,তাৰাবানু বেগম,ৰহিমুদ্দিন,আব্দুল কৰিম,মাৰুফা বেগম আৰু ইলিয়াছে ।
ঘটনা সন্দৰ্ভত স্থানীয় মিকিৰভেটা থানাৰ 235/19 u/s-448/427/436/34 গোচৰ ৰুজু কৰিছে যদিও এই পৰ্যন্ত মিকিৰভেটা থানাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে । লগতে পৰিয়ালটোৱে জনায় যে আৰক্ষী বিষয়াক মেনেজ কৰি মুক্ত আকাশৰ তলত থাকি পুনৰবাৰ অভিযুক্তসকলে পেট্ৰ'ল ঢালি জ্বলাই দিব বুলি হুংকাৰ দিছে অভিযুক্ত পৰিয়ালটোৱে ।