ETV Bharat / state

২৪ ঘণ্টাত মৰিগাঁৱত ১৯৭ জন কৰ'ণাত আক্ৰান্ত

author img

By

Published : May 15, 2021, 10:12 AM IST

মৰিগাঁৱত ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ক'ভিড পৰিস্থিতি । শুকুৰবাৰৰ দিনটোত জিলাখনত ১৯৭ জন লোক মহামাৰীত আক্ৰান্ত হয় । বৰ্তমানলৈকে জিলাখনত ২,২৫৫ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

MORIGAON DISTRICT COVID REPORT
যোৱা ২৪ ঘণ্টাত মৰিগাঁৱত ১৯৭ জন কৰ'ণাত আক্ৰান্ত

মৰিগাঁও,১৫ মে': অসমৰ প্ৰতিখন জিলাতে বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণৰ হাৰ । মৰিগাঁও জিলাত ২,২৫৫ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰে মৰিগাঁৱৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত ৬৯৩ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰোৱা হয় । জিলাাখনত শুকুৰবাৰে ১৯৭ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

যোৱা ১ এপ্ৰিলৰ পৰা জিলাখনত মুঠ ৫৪,৮৩১ গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে । জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, শুকুৰবাৰলৈকে মুঠ ১,১৬৭ গৰাকীক ক'ভিড মুক্ত ঘোষণা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৫০ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । জিলাখনত হোম আইচ'লেছনত থকা ৰোগীৰ সংখ্যা ১,০২৩ জন আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৬১ গৰাকী বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে ।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাই জানিবলৈ দিয়া মতে, শনিবাৰে মৰিগাঁও ৰাজহ চক্ৰৰ শ্যামকাটা গাঁৱক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব । উক্ত গাঁৱত বৃহস্পতিবাৰৰ দিনটোত ৩৬ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।

লগতে পঢ়ক: বৰপেটাত তিনিজন ক’ভিড-19ত আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.