মৰিগাঁও, 21 আগষ্টঃ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মক আৰু এঢাপ আগবঢ়াই নিয়াৰ লক্ষ্যৰে ৰাজ্যত গঠিত হোৱা এক শৰণ ভাগৱতী সমাজৰ প্ৰধান আচাৰ্য ইলাৰাম দাস বাপৰ নামত বনোৱা হব সাংস্কৃতিক প্ৰকল্প। ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰে উক্ত প্ৰস্তাৱিত প্ৰকল্পৰ নামত আবণ্টিত কৰিছে ১১কোটি টকা। বুধবাৰে এই সন্দৰ্ভত মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত মিলেশ্বৰ পাতৰৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷
বুধবাৰৰ এই সভাত আচাৰ্য ইলাৰাম দাস বাপৰ অমৰ সৃষ্টিৰাজী সন্দৰ্ভত বহু কেইগৰাকী বক্তাই বক্তব্য প্ৰদান কৰে। মনকৰিবলগীয়া যে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে এই প্ৰকল্পটো স্থাপন কৰাত আগভাগ লৈ কয় যে আগন্তুক ৩০ আগষ্টত মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সমীপৰ প্ৰায় 4 বিঘা মাটিত এই বহুমুখী প্ৰকল্পটোৰ আধাৰ শিলা ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব বুলি ঘোষণা কৰে।