মৰিগাঁও,28 এপ্ৰিল: মঙলবাৰে মৰিগাঁৱত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা 424 গৰাকীলৈ বৃদ্ধি পাইছে । মঙলবাৰে জিলাখনত 1,726 গৰাকী লোকৰ ৰে’পিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰে 58 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি । অৱশ্যে ইয়াৰে 44 গৰাকী লোকক হোম আইচ’লেচন কৰা হৈছে ৷ ইয়াৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 13 গৰাকীকৈ লোক ।
মঙলবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড টেষ্ট চেণ্টাৰত 1,726 গৰাকী লোকৰ ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । বিগত 1 এপ্ৰিলৰ পৰা জিলাখনত মুঠ 30,591 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ইয়াৰে 424 গৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ।
লগতে পঢ়ক : ডিব্ৰুগড়ত ২৮ এপ্ৰিলৰ পৰা ১২ মে পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ ঘোষণা উপায়ুক্তৰ