মৰিগাঁও, 4 অক্টোবৰঃ হাথৰস কাণ্ডক লৈ সমগ্ৰ দেশ কপি থকাৰ মাজতে অসমতো বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অব্যাহত আছে কংগ্ৰেছৰ ধাৰাবহিক প্ৰতিবাদী কাৰ্যসূচী ৷ শনিবাৰে বিয়লি মৰিগাঁও জিলা কংগ্ৰেছে বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
আনহাতে, হাথৰস কাণ্ডৰ ভূক্তভোগী পৰিয়ালটোৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰশাসনে বাধা প্ৰদান কৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰো প্ৰতিকৃতি কৰিলে দাহ ৷