ETV Bharat / state

পদূলিত হেঁপাহৰ ব'হাগ বিহু

author img

By

Published : Apr 2, 2019, 3:55 PM IST

ঢোল-পেঁপা,গগণাৰ মাতত মুখৰিত মৰিগাঁও জিলা । জিলাখনৰ ঠাইয়ে ঠাইয়ে চলিছে এতিয়া বিহুৰ আখৰা । ব্যস্ত হৈ পৰিছে লোকবাদ্য নিৰ্মাণকাৰীসকলো ।

পদূলিত হেঁপাহৰ ব'হাগ বিহু

মৰিগাঁও,২ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পদূলিত হেঁপাহৰ ব'হাগ বিহু । হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে সমগ্ৰ অসমবাসী । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিহুটিক আদৰিবলৈ সাজু হৈছে মৰিগাঁওবাসী । জিলাখনৰ ঠাইয়ে ঠাইয়ে চলিছে বিহু নৃত্যৰ আখৰা । কোনোবাই যদি ৰাতি বিহুৰ প্ৰস্তুতি চলাইছে আন কোনোৱে বিয়লি ভাগত নামঘৰৰ বাকৰিত কৰিছে বিহু হুচৰিৰ আখৰা ।

পদূলিত হেঁপাহৰ ব'হাগ বিহু

কণ কণ শিশুসকলেও ঢোল-পেঁপা লৈ জুৰিছে হুঁচৰি । ঢোলত ৰগৰ তুলি গমগমাই তুলিছে আকাশ বতাহ । ইফালে হাতত সৰুদৈয়া জাপি লৈ গিৰিপনি তুলিছে কণ কণ নাচনীহঁতে । লগতে লোকবাদ্য নিৰ্মাণকাৰীসকলো ব্যস্ত হৈ পৰিছে ঢোল-পেঁপা, গগণাৰ দৰে লোকবাদ্য নিৰ্মাণ কাৰ্যত ।
এইয়া মৰিগাঁৱৰ জাংফাই সাংস্কৃতিক গোষ্ঠীৰ দৃশ্য । মৰিগাঁৱৰ বিহুৰ সামগ্ৰিকভাৱে চলোৱা বাপতিসাহোন ব'হাগৰ আখৰা । অসমীয়াৰ কৃষ্টিৰ শিপাডাল বিচাৰি অসমীয়াৰ সমাজক শিপাৰ সুবাস দিয়াৰ বাবে প্ৰয়াস এইসকল কণমানিৰ । মুঠৰ ওপৰত সকলোৱে এতিয়া ব্যস্ত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ বাবে ।

Intro: ন পানী বাঢ়িলে চাপৰি বুৰিলে
লুইতত বুৰিলে শিহু,
কান্ধতে ঢোলটি হাততে পেঁপাটি
পালেহি ব'হাগৰ বিহু।
চাওঁতে, চাওঁতে,হেপাঁহৰ ব'হাগ বিহুটি অসমীয়াৰ পদুলি মুখ পালেহি।সেয়ে সকলোটি ব্যস্ত ঢোল, পেঁপা , বিহু, ৰাতিবিহু,হুঁচৰি বিহুৰ আখৰাত । এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।

Body: "দেউতাৰ পদুলিত গোন্ধাইছে মালতী
কেতেকী মলেমলাই
অ গোবিন্দাই ৰাম -।"

"ৰংঘৰৰ বাকৰিত ঢোলে গোমগোমালে
হুঁচৰি ওলোৱা নাই
আজি বাৰ মাহে হুঁচৰি গোৱা নাই
হুঁচৰি মলঙি যায়,
মোৰ দদাইদেউ হুঁচৰি গাওতে
ৰাতি পুৱাই -।"

লোকসভাৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পদুলিত হেপাঁহৰ ব'হাগ। সেয়ে কি ল'ৰা কি বুঢ়া সকলোটিয়ে বিহুটিক আদৰিবলৈ গাঁৱে গাঁৱে চলাইছে বিহুৰ আখৰা। ব্যতিক্ৰম নহয় মৰিগাঁও। কোনোবা যদি ৰাতি বিহুৰ প্ৰস্তুতি চলাইছে আনকোনোৱে বিয়লি ভাগত নামঘৰৰ বাকৰিত খৰিছে বিহু হুচৰিৰ আখৰা। প্ৰকৃতিৰ বুকুত নকুহিপাতৰ আগমণ। ফুলিল কপৌ,ফুলিল মাধৈ মালতী। মাজে মাজে গছৰ আৰত কুলি কেতেকী বিননি।
ঢোলতে উৰুলি ঢোলতে কুৰুলি
ঢোলতে বিন্ধিলে ঘূণে।
মৰিগাঁৱৰ মুচিয়া ঘৰত নাইকীয়া
ঢোল চাই দিব কোনে ?
গাঁৱৰ জীয়ৰী বোৱাৰী ,হালোৱা, হজুৱা সকলৰ দৰেই আমৰে চামৰে ঢোলৰ ডিমা কাটি ,চাৱনি দিয়াত ব্যস্ত ঢোল তৈয়াৰ কৰা মুচি তথা শিল্পী সকল।byte: Dhool maker

আনহাতে এইয়া চাওক মৰিগাঁৱৰ এইসকল কণ কণ বিহুৱা বিহুৱতীলৈ। কান্ধত ঢোলেটি ,হাততে পেঁপা টি লৈ গাইছে হুঁচৰিৰ ঘোষা পদ। লগাইছে বিহু। বজাইছে কলিদৈ ম'হৰ শিঙৰ পেঁপা, মূৰ্চনা তুলিছে বিহুৰ বাঁহীত। ঢোলত ৰগৰ তুলি গমগমাই তুলিছে আকাশ বতাহ। হাতত সৰুদৈয়াজাপি লৈ কণ কণ নাচনীহঁতে গিৰিপনি তুলিছে। যাউৰীয়ে যাউৰী জাত নাম,যোৰা নাম।shot: boy and girl
হয়। এইয়া জাংফাই সাংস্কৃতিক গোষ্ঠী মৰিগাঁৱৰ বিহুৰ সামগ্ৰিকভাৱে চলোৱা বাপতিসাহোন বহাগৰ আখৰা। হেৰাই যাব বিচৰা অসমীয়াৰ কৃষ্টিৰ শিপাডাল বিচাৰি অসমীয়াৰ সমাজক শিপাৰ সুবাস দিয়াৰ বাবে প্ৰয়াস এইসকল কণমানিৰ। byte: master.
মুঠৰ ওপৰত সকলোৱে এতিয়া ব্যস্ত বিহুক আদৰাৰ বাবে। নহবনো কিয় ?এইয়া যে অসমীয়া বাপতি সাহোন ৰঙালি। অসমীয়াৰ আয়ুসৰেখা,জাতীয় জীৱনৰ সাহ স্বৰূপ এই লোক পৰম্পৰাৰ মাজতে নিহত আছে বৰ অসমৰ শান্তি,সম্প্ৰীতি আৰু প্ৰগতিৰ সোপান।

Conclusion:Ratul deka, etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.