মৰিগাঁও, 8 মেঃ লক্ ডাউন যেন অভিশাপ স্বৰূপ হৈ পৰিছে কৃষি-কৰ্মৰ সৈতে জড়িত লোকসকলৰ বাবে ৷ মৰিগাঁও জিলাৰ মনহা বেলগুৰি গাঁৱৰ তিনি ভোটজলকীয়া খেতিয়কে প্ৰায় 5 বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰি আহিছে ৷ ভোটজলকীয়াৰ খেতিৰে 5 ৰ পৰা 6 লাখ টকা উপাৰ্জন কৰে খেতিয়ক কেইজনে ৷ কিন্তু বৰ্তমান লক্ ডাউনৰ ফলত পথাৰতে পচিছে ভোট জলকীয়াখিনি ৷ ফলত হতাশাত ভুগিছে তিনি কৃষক ৷
আনহাতে এই ক্ষেত্ৰত কৃষি বিভাগৰ পৰাও কোনো সহায় পোৱা নাই খেতিয়ক কেইজনে ৷ ইতিমধ্যে শুকাই পচি যোৱা ভোট জলকীয়াখিনি বিক্ৰী কৰিবলৈ কৃষি বিভাগৰ বিষয়াই খেতিয়ক কেইজনক অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰস্তাৱ দিছে ৷ কিন্তু পচি যোৱা জলকীয়াখিনিৰ পৰা লাভালাভৰ মুখ নেদেখে কৃষক কেইজনে ৷ গতিকে এই ক্ষেত্ৰত কৃষি মন্ত্ৰী অতুল বৰাক শীঘ্ৰে পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছে তিনি কৃষকে ৷