মৰিগাঁও,25 মাৰ্চঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো জিলা প্ৰশাসনৰ উদ্যোগত মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পৰাৰ লক্ষ্যৰে অব্যাহত ৰাখিছে কেতবোৰ পদক্ষেপ । ইয়াৰ অংশ ৰূপে বুধবাৰে মৰিগাঁও জিলা প্ৰশাসনে চহৰখনৰ লগতে গ্ৰাম্য অঞ্চলত থকা ফাৰ্মাচি আৰু গেলামালৰ দোকানত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এক মিটাৰ দূৰত্বত বৃত্ত অংকন কৰি সকলোকে এনে দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে । আনহাতে চহৰখনৰ জৰুৰী সেৱাৰ লগত জড়িত হোৱা সকলো দোকানীকেই এই ধৰণে চক্ৰৰ জৰিয়তে গ্ৰাহক তথা ৰোগীৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়কঃদেশজুৰি লক ডাউনঃ ৰাজ্যৰ উজনীৰ পৰা নামনিলৈ প্ৰভাৱ সৰ্বাত্মক