ETV Bharat / state

মৰিগাঁৱত আছুৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় নেতৃত্বক সম্বৰ্ধনা - আছুৰ নৱ গঠিত কেন্দ্ৰীয় সমিতি

আছুৰ নৱ গঠিত কেন্দ্ৰীয় সমিতি বিষয়-ববীয়াক মৰিগাঁৱত উষ্ম আদৰণি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ । ছাত্ৰ সন্থাৰ সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰি সকলো সেৱা আগবঢ়াই যাবলৈ প্ৰস্তুত বুলি সাংবাদিকক জনালে আছু নেতা উৎপল শৰ্মা আৰু নৱ কুমাৰ নাথে ৷

morigaon aasu
morigaon aasu
author img

By

Published : Nov 29, 2020, 10:14 AM IST

মৰিগাঁও, 29 নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ নৱ গঠিত সমিতিৰ নৱ নিৰ্বাচিত সহঃ সাধাৰণ সম্পাদক উৎপল কুমাৰ শৰ্মা আৰু সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথক উষ্ম আদৰণি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ । মৰিগাঁও জিলা আছুৰ মুখ্য কাৰ্যালয়লৈ দুচকীয়া আৰু চাৰি চকীয়া বাহনৰে সমদল কৰি আদৰি আনে দুয়োগৰাকী আছু নেতাক । এই আদৰণি অনুষ্ঠানত মৰিগাঁও জিলা ছাত্র সন্থাৰ লগতে জিলা খনৰ বিভিন্ন আঞ্চলিক ছাত্র সন্থাই আদৰণি জনালে দুয়োগৰাকীকে ।

আদৰণিৰ পূৰ্বে মৰিগাঁও চহৰৰ মাজমজিয়া পৰা বাইক, গাড়ী ৰেলীৰে আছু মুখ্য কাৰ্যালয়লৈ আদৰি আনিলে শতাধিক ছাত্রকৰ্মীয়ে ৷ সকলোৰে মাজত পৰিলক্ষিত হয় আনন্দ উল্লাস ।

morigaon aasu
মৰিগাঁৱত আছুৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় নেতাক সম্বৰ্ধনা
আনহাতে জিলা সমিতিৰ আদৰণি গ্ৰহণ কৰি দুই নৱ নিৰ্বাচত আছু নেতাই সংবাদ মেল সম্বোধন কৰি কয় যে, যি ঠাইত দায়িত্ব পালনৰ বাবে দিছে সেই ঠাইৰ পৰা ছাত্ৰ সন্থাৰ সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰি সকলো সেৱা আগবঢ়াই যাবলৈ প্ৰস্তুত ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.