মৰিগাওঁ, 17 নৱেম্বৰ: মৰিগাঁৱত আৰম্ভ 48 সংখ্যক মতিৰাম বৰা ফুটবল টুৰ্নামেণ্ট । মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হৈছিল অসম আৰক্ষী ব্লুজ একাদশ বনাম ভূৰবন্ধা আঞ্চলিক নৱজ্যোতি ক্লাৱ একাদশ ৷
মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি পৱন মান্তাই টুৰ্নামেণ্টখনৰ পতাকা উত্তোলন কৰাৰ লগতে ভাষণত সভাপতি গৰাকীয়ে খেলুৱৈ সকলক খেলৰ নীতি নিয়ম মাজেৰে স্বকীয় প্ৰতিভা বিকাশ কৰা বাবে আহ্বান জনায় ।
আনহাতে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই খেল উদ্বোধন কৰি ফুটবলৰ জনপ্ৰিয়তা দিশবোৰ উল্লেখ কৰি বিশ্বখ্যাত খেলুৱৈ সকলৰ দুভৰিৰ যাদুৰ বিষয়ে সংক্ষিপ্ত বাখ্যা আগবঢ়ায় ৷ উল্লেখযোগ্য যে, উদ্বোধনী মেচখনত প্ৰথমাৰ্দ্ধত অসম আৰক্ষী ব্লুজ একাদশে 2-1 ভূৰবন্ধা আঞ্চলিক নৱজ্যোতি সংঘ একাদশক চাপত ৰাখিছিল যদিও খেলৰ দ্বিতীয়াৰ্দ্ধত ভূৰবন্ধা আঞ্চলিক দলটোৱে আন এক গ’লৰে সমতা স্থাপন কৰিবলৈ সক্ষম হয় । 2-2 গ’লৰে সমতা স্থাপন কৰিবলৈ সক্ষম হোৱাৰ পাছত ট্ৰাইবেকাৰত ভূৰবন্ধা আঞ্চলিক নৱজ্যোতি একাদশে 4-3 লগত বিজয়ী হয় ৷
লগতে চাওক-নগাঁৱত ETV ভাৰতৰ সাংবাদিকক আক্ৰমণ মৰেল পুলিচগিৰি কৰা ভণ্ড ৰাইজৰ !