মৰিগাঁও,8 মে’: ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি হ’বলৈ ধৰিছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ পাচতে মৰিগাঁও জিলা প্ৰশাসনে চৰাইবাহী, নিজৰাপাৰ আৰু কিশোৰ ক্লাবক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ৷

মৰিগাঁৱৰ শুকুৰবাৰৰ দিনটোলৈ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1,223 গৰাকীলৈ বৃদ্ধি পাইছে ৷ মিকিৰভেটাৰ চক্ৰ বিষয়াই চৰাইবাহী আৰু মায়ং ৰাজহ চক্ৰ বিষয়াই নিজৰাপাৰ আৰু কিশোৰ ক্লাবৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তক অঞ্চল তিনিটা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ বাবে দাবী জনায় ।
এই দাবীৰ প্ৰতি সঁহাৰি জনাই জিলা উপায়ুক্তই নিজৰাপাৰ, কিশোৰ ক্লাব আৰু চৰাইবাহীক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ৷

উল্লেখ্য যে, নিজৰাপাৰৰ উত্তৰে অৱস্থিত এচবিআই, চিএচপি আৰু সুৰক্ষা নাৰ্ছিং হোমক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে দক্ষিণত অৱস্থিত সোণাইকুছি পাহাৰ, পূৱত অৱস্থিত জাগীৰোড খেলপথাৰ আৰু পশ্চিমত অৱস্থিত মাকাংকুছি এলেকাকো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।
ইয়াৰ লগতে কিশোৰ ক্লাবৰ উত্তৰে অৱস্থিত ৰে’লপথৰ লগতে দক্ষিণত অৱস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, পূৱত থকা ৰে’লপথ স্পানমিল আৰু পশ্চিম দিশস্থিত জাগীৰোডৰ পৰা মৰিগাঁও পথলৈকে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।

আনহাতে, চৰাইবাহীৰ উত্তৰে অৱস্থিত ভাৰত গেছ নিজ চৰাইবাহী, দক্ষিণত অৱস্থিত ঘাইপথৰ পৰা বৰভগীয়া তিনিআলিৰ লগতে পূৱে থকা উজনিমূৰ নামঘৰৰ পৰা কাহিবাৰীলৈ আৰু পশ্চিমৰ ৰহঢলাৰ পৰা কৈলাশ মন্দিৰলৈকে এলেকা কেইটাক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰিছে ।
লগতে পঢ়ক : মাস্ক পৰিধান নকৰা লোকক জৰিমনা জোনাই মহকুমা প্ৰশাসনৰ