ETV Bharat / state

বাৰিষাক লৈ শংকাত লাহৰীঘাটৰ পলাশগুৰিবাসী - মৰিগাঁও

আপোন ঘৰখন এৰি যাবলৈ গাঁওখনৰ বহুতেই বান্ধিছে টালি-টোপোলা ৷ গৰাখহনীয়াই জুৰুলা কৰা গাঁওখনত এতিয়া বহু লোকৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷

বাৰিষাক লৈ শংকাত পলাশগুৰিবাসীৰ
author img

By

Published : Mar 14, 2019, 6:11 AM IST

মৰিগাঁও, 14 মাৰ্চ : আপোন ঘৰখন এৰি যোৱা অথবা আপোন ঘৰখন নিজ হাতেৰে ভাঙিবলগীয়া হোৱাটো কিমান কষ্টকৰ সেয়া সকলোৰে সহজে অনুমেয় ৷ কিন্তু এনে ঘটনাই সংঘটিত হৈছে মৰিগাঁৱৰ লাহৰীঘাটৰ পলাশগুৰিত ৷

বাৰিষাক লৈ শংকাত পলাশগুৰিবাসীৰ
সমাগত বাৰিষাক লৈ শংকাত দিন কটাবলগীয়া হৈছে পলাশগুৰিবাসীয়ে ৷ কিয়নো গৰাখহনীয়াই জুৰুলা কৰা গাঁওখনত এতিয়া বহু লোকৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ সেয়েহে আগন্তুক বাৰিষাত ঘৰ-মাটি নৈৰ বুকুত জাহ যোৱাৰ পূৰ্বেই আপোন ঘৰখন নিজ হাতেৰেই ভাঙি স্থানান্তৰিত হ'বলৈ ধৰিছে বহুতো পৰিয়ালে ৷ ইপিনে গৰাখহনীয়া ৰোধৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গাঁওবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিপৰ্যন্ত কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল মু্খ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৷ জলসম্পদ আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ হাতত শ শ কোটি টকা জমা হৈ থকাৰ পাচতো গাঁওখনত খহনীয়া ৰোধৰ ক্ষেত্ৰত ব'ৰ্ডে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছেগাঁওবাসীয়ে৷

Intro: ঘৰখন পতাৰ সময়তে ঘৰখন ভাগিছে। গাওঁখনত শনি লাগিছে।প্ৰতিটো পৰিয়ালে ধংস কৰিছে আপোন ঘৰখন । কি পুৰুষ ,কি মহিলা সকলোৱে গৃহধংসত ব্যস্ত।ৰাজ্যৰ কত আছে এই বিশেষ গাঁৱৰ বিশেষ বাসীন্দা সকল।এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন।

Body: ওপজা গাঁওখন এৰিছে। আপোন ঘৰ দুৱাৰ নষ্ট কৰিছে। সাজু হৈছে বয়বস্ত ,লাম লাখুটি সামৰি কৰবালৈ যাব গৈ তেওঁ লোক। কলৈ যাব ? কি কৰিব ? কোনো যদি শহুৰৰ ঘৰত, আনকোনোৱে বাইভনীৰ ওচৰত আশ্ৰয় বিচাৰিছে।আনকোনোজন আকৌ অদ্যপি ভাগ্যক ধিয়াই ঘৰতে বহি বহি চিন্তাত সাগৰ শুকুৱাইছে।
কেইটামান স্নেপশ্বট।
এক পুৰণি নাম ঘৰ।
বাৰীৰ গছ গছনি।
তামোলৰ বাৰী।
গাওঁখনৰ আটায়ে আপোন ঘৰ ধংস কৰিছে। যিয়ে যেনি পাৰে কেৱল এফালৰ পৰা ঘৰৰ খুটা ভাগিছে। দেৱালৰ ইটা খহাইছে।কি পুৰুষ ,কি মহিলা সকলোৱে ঘৰ ভগাত হাতে কামে লাগিছে।byte:1+1=2
এই ঘৰ ধ্বংস কৰা দৃশ্য এইখন অসমৰে মৰিগাঁও লাহৰীঘাট পলাশগুৰিৰ। নমামি বহ্মপুত্ৰই বলিয়া লুইতখনক একেবাৰে বাৰীৰ সীমাপোৱালেহিএই পলাশগুৰিৰ। সেয়েহে সাতাম পুৰুষীয়া গাওঁখনৰ ইঘৰৰ পাছত সিঘৰে ঘৰ দুৱাৰ ভাগি বাৰিষাৰ পূৰ্বে থানথিত লগাইছে এপদ দুপদ।byte:3
এতিয়া সদ্য বৈধব্য এই মহিলা গৰাকী লৈ মন কৰক। স্বামী এৰি যোৱাৰ কাজ সকামৰ লেঠা পেঠা মাৰিবই পৰা নাই।আকৌ এৰিব লগা হৈছে গাওঁখন ঘৰখন ।গাওঁ এৰি কলৈ যাব সেয়াও ঠিৰাং কৰিব পৰা নাই।চকুপানী মচি কলে অসহায়ৰ অবুজ বেদনাৰ কথা।byte:4
মুঠতে গোটেইগাঁৱত একেই দৃশ্য।গাওঁ খনৰ প্ৰতিঘৰত এনেদৰেই ঘৰদুৱাৰ ধংসস্তূপত পৰিণত কৰিছে আপোন ঘৰ,ওপজা গাঁওখন। সেয়ে গঁঞাৰ আহবান গৰাখহনীয়াৰ কৱলত পৰা শেষ গাঁও হওক এই ফলাশগুৰি। জলসম্পদ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ শ শ কোটি টকা জমা হৈ থকাৰ পাছতো এনেদৰে ইখনৰ পাছত আনখন গাওঁ নদীত জাহ।
মুখ্যমন্ত্ৰী সোণোৱাল মহাশয় বহুত হল আশ্বাস আৰু প্ৰতিশ্ৰুতি । বহুতেই গৰাগহনীয়াৰ কবলত পৰা লাহৰীঘাট,ভূৰাগাঁও ওচৰত ঘৰিয়ালৰ চকুপানী মচিবলৈ আহে।

Conclusion:Ratul deka,etc Bharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.