ETV Bharat / state

Mobile fresh fish marketing centre: মৰিগাঁৱত ভ্ৰাম্যমাণ সতেজ মৎস্য বিপণন কেন্দ্ৰ মুকলি - Morigaon District Fisheries Department

মৰিগাঁও জিলা মীন বিভাগৰ অভিনৱ পদক্ষেপ । পোনপ্ৰথমবাৰৰ বাবে মৰিগাঁৱত ভ্ৰাম্যমাণ সতেজ মৎস্য বিপণন কেন্দ্ৰ মুকলি । কৃত্ৰিম অক্সিজেন ব্যৱহাৰ কৰি দীৰ্ঘ সময়লৈ জীয়াই ৰখা হ'ব মাছ ।

Mobile fresh fish marketing centre inaugurated in Morigaon
মৰিগাঁৱত ভ্ৰাম্যমাণ সতেজ মৎস্য বিপণন কেন্দ্ৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:28 PM IST

মৰিগাঁও, ২০ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত মৰিগাঁও জিলা মীন বিভাগৰ দ্বাৰা বুধবাৰে ভ্ৰাম্যমাণ সতেজ মৎস্য বিপণন কেন্দ্ৰ এটা মুকলি কৰা হয় । এই কেন্দ্ৰটো ৰূপা ভৰালীৰ নামত আবন্টিত হৈছে । এই ভ্ৰাম্যমাণ মৎস্য বিপণন কেন্দ্ৰটোত এখন চাৰিচকীয়া বাহনত কাঁচৰ চৌব্বাছাত কৃত্ৰিম অক্সিজেন যোগান ধৰি জীয়া মাছ ৰখা হ'ব আৰু পছন্দ অনুযায়ী গ্ৰাহকক বিক্ৰী কৰা হ'ব ।

Mobile fresh fish marketing centre
মৰিগাঁৱত ভ্ৰাম্যমাণ সতেজ মৎস্য বিপণন কেন্দ্ৰ মুকলি

কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে এয়া জিলা মীন বিভাগৰ এক অভিনৱ পদক্ষেপ । তেওঁ কয় যে দীৰ্ঘ সময়লৈ জীয়াই থকা মাছ ভ্ৰাম্যমাণ বাহনেৰে গ্ৰাহকক যোগান ধৰা এনে আঁচনি ৰাজ্যৰ ভিতৰতে বিৰল । তেওঁ মীন বিভাগৰ এই প্ৰয়াসৰ শলাগ লয় । ইয়াৰ জৰিয়তে গ্ৰাহকে সতেজ মাছ লাভ কৰাৰ লগতে বিক্ৰেতায়ো এদিনতে বুজন পৰিমাণৰ মাছ বিক্ৰী কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

মৎস্যপালনৰ ক্ষেত্ৰখনত থকা ব্যাপক সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি তেওঁ জিলাখনৰ নিবনুৱা যুৱক-যুৱতীসকলক মীন পালনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । মহকুমা মীন উন্নয়ন বিষয়া ত্ৰিনয়ন দেৱশৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে এই আচঁনিৰ সবিশেষ তথা ইয়াৰ পৰা মৰিগাঁওবাসীয়ে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰে ।

তেওঁ কয় যে পুৱাই ধৰি অনা মাছ কৃত্ৰিম অক্সিজেনৰ সহায়ত দীৰ্ঘ সময়লৈকে জীৱিত হৈ থাকিব আৰু ৰাইজে সতেজ মাছ খাবলৈ পাব । ইয়াৰ মজুতকৰণৰ ক্ষমতা ২০০ কিলোগ্ৰাম বুলি উল্লেখ কৰি তেওঁ কয় যে বাহনখনতে কৃত্ৰিম অক্সিজেন যোগানৰ ব্যৱস্থা আছে । উল্লেখযোগ্য যে এই কেন্দ্ৰৰ মুঠ প্ৰকল্প ব্যয় ২০ লাখ টকা । ইয়াৰে কেন্দ্ৰীয় চৰকাৰে ১০.৮০ লাখ টকা, ৰাজ্য চৰকাৰে ১.২০ লাখ টকা আৰু হিতাধিকাৰীগৰাকীয়ে ৮ লাখ টকা ব্যয় কৰিছে ।

লগতে পঢ়ক: Attempt to murder : হত্যাৰ অপচেষ্টা চলোৱা তিনি অপৰাধীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড, ৫০ হাজাৰ টকাৰ জৰিমনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.