মৰিগাঁও, 22 জুন: বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ জিলাখনত উপস্থিত হৈ মন্ত্ৰীজনে বঘৰাৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰু ভূৰাগাঁৱৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বুজ লয় ৷ লগত আছিল জিলা আয়ুক্ত দেবাশীষ শৰ্মা আৰু জলসম্পদ বিভাগৰ বিষয়া সকল ৷
মন্ত্ৰী মহন্তই খহনীয়া পৰিদৰ্শন কৰি কয় গৰাখহনীয়া হৈছে যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা হৈছে ৷ খহনীয়া প্ৰতিৰোধৰ কাম যথেষ্ট ভাল হৈছে ৷ কাম ভাল দৰে চলি আছে বুলি কয় মন্ত্ৰীজনে ৷ তেওঁ লগতে কয় যে, মৰিগাঁৱত প্ৰতিবছৰে বানপানী হয় যদিও সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এইবাৰ বানপানী হোৱা নাই ৷
উল্লেখযোগ্য যে, 1979 চনৰ পৰা মৰিগাঁও জিলাৰ উত্তৰ-পশ্চিম দিশত, বিশেষকৈ ভূৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰত তিনি শতাধিক ৰাজহ গাঁৱৰ পৰিয়াল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰি উছন হৈছে ৷ গৃহহীন আৰু ভূমিহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ ঘৰ-দুৱাৰ, মাটি-বাৰী হেৰুৱাই দিগ-বিদিগ হেৰুৱাই পেলাইছে একাংশই ৷ অঘৰীৰ দৰে পথৰ দাঁতিত, বিভিন্ন ঠাইত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে শ শ দৰিদ্ৰ পৰিয়াল ৷
ইফালে যোৱা 10-12 দিনত ভূৰাগাঁও আৰু লাহৰীঘাটত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ খহনীয়াত জাহ গৈছে 20 টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেটি ৷ খহনীয়াৰ ফলত শতাধিক গৃহহীন হোৱাৰ পথত ৷ এনে ক্ষেত্ৰত মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ মুখত শুনা এই মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷
আনহাতে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে মৰিগাঁও জিলাত চলি থকা বঘৰা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত দুতিভা বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠক, পি ডব্লিউ ডি (বিল্ডিং) আৰু অন্যান্য স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷
মন্ত্ৰী কেশৱ মহন্তই পি ডব্লিউ ডি (বিল্ডিং)ৰ বিষয়া সকলক বঘৰা চিকিৎসা মহাবিদ্যালয়খনৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দি কয় - যাতে চিকিৎসালয়খন অতি সোনকালে কাৰ্যক্ষম কৰি তুলিব পৰা যায় ৷ কিয়নো বঘৰা চিকিৎসা মহাবিদ্যালয়খন অঞ্চলটোৰ বহু প্ৰত্যাশিত প্ৰকল্প ৷
লগতে পঢ়ক: Rangia people severely affected by flood:কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে