ধিং, ১১ জুন: মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে মৰিগাঁও জিলা প্ৰশাসনে । মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যুটীয়া প্ৰচেষ্টাত বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন স্থানত মাস্ক বিতৰণ(Mask distribution) কৰা হয় । মৈৰাবাৰী বজাৰ, লাহৰীঘাট, ভুৰাগাঁও, ভুৰবন্দা, চৰাইবাসী, জালুগুটি, বাৰপুজীয়া, মায়াবজাৰকে ধৰি মৰিগাঁৱৰ কেইবাটাও স্থানত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে ।
![mask-distributed-by-morigaon-district-administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-10jon-maksdisti-asc10013_10062021161001_1006f_1623321601_268.jpg)
লাহৰীঘাট ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ বিষয়া মানস জ্যোতি বৰা, জিলাখনৰ সহকাৰী আয়ুক্ত মৈত্ৰেয়ী মৰাণ, ভুৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (Circle Officer) সংগীতা দেৱী, আৰু মায়েং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বজাৰৰ দোকানী, পথচাৰী, সৰু সৰু লৰা-ছোৱালীৰ মাজত বিনামূলীয়াকৈ মাক্স বিতৰণ কৰে ।
![Mask distributed by district administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-10jon-maksdisti-asc10013_10062021161001_1006f_1623321601_741.jpg)
ক'ভিড-১৯ (Covid-19)ৰ ভয়াৱহতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনত ৫,৪১৬ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, এতিয়ালৈকে জিলাখনৰ ৩১ জন লোকৰ মৃত্যু হৈছে ।
![Mask distributed by district administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-10jon-maksdisti-asc10013_10062021161001_1006f_1623321601_686.jpg)
লগতে পঢ়ক:পুনৰ বানৰ কবলত লাইকা-দধীয়াবাসী