ETV Bharat / state

চাহ শ্ৰমিকৰ বনাচ সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনৰ বৈঠক - শ্ৰম পৰিদৰ্শক বন্দনা চেতিয়া পাটৰ

চাহ শ্ৰমিকৰ বনাচ বিতৰণ সন্দৰ্ভত বৈঠকত মিলিত মৰিগাঁও জিলা প্ৰশাসন ৷ বুধবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কক্ষত প্ৰশাসনৰ বহুকেইজন ব্যক্তি এক আলোচনাত মিলিত হয় ৷ চাহ শ্ৰমিক সকলক 20 শতাংশ বনাচ প্ৰদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

চাহ শ্ৰমিকৰ বনাচ সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনৰ বৈঠক

author img

By

Published : Oct 8, 2020, 8:08 AM IST

মৰিগাওঁ, 8 অক্টোবৰ: সমাগত শাৰদীয় দুৰ্গা পূজা উপলক্ষে চাহ শ্ৰমিক সকলক বনাচ প্ৰদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মৰিগাঁও জিলা প্ৰশাসন ৷ 20 শতাংশ বনাচ প্ৰদানৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সন্দৰ্ভত আলোচনাত মিলিত জিলা প্ৰশাসনৰ লোক সকল ৷ বুধবাৰে জিলা উপায়ুক্তৰ কক্ষত উপায়ুক্ত লীনা দাস, জিলা আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাৰ লগতে জিলা শ্ৰম বিভাগৰ বিষয়াই এই গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয় ৷

গোপালকৃষ্ণ চাহ বাগিছাৰ উপ প্ৰৱন্ধক এছ দেৱনাথে জনাই যে, চৰকাৰৰ 20 শতাংশ বনাচ প্ৰদানৰ সিদ্ধান্ত অনুসৰিয়ে চাহ শ্ৰমিক সকলক বনাচ প্ৰদান কৰা হ'ব ৷ অৱশ্যে এই বনাচ আগন্তুক দূৰ্গা পূজাৰ পূৰ্বে 15 শতাংশ আৰু ফাগুন মাহত 5 শতাংশ কৈ মুঠ দুটা কিস্তিত প্ৰদান কৰা হ'ব ৷ বুধবাৰৰ এই বৈঠকত মৰিগাঁও জিলা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমী কলিতা, জিলা শ্ৰম বিষয়া মেঘনা মেধি, শ্ৰম পৰিদৰ্শক বন্দনা চেতিয়া পাটৰ আৰু চাহ বাগান সংস্থাৰ সম্পাদক মংলু গৌৰ উপস্থিত আছিল ।

লগতে পঢ়ক: মৰিগাঁৱৰ তাৎক্ষণিক উন্নয়ন সন্দৰ্ভত জিলা উন্নয়ন আয়ুক্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.