ETV Bharat / state

Nazrul Islam passes away: প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামলৈ মৰিগাঁৱত শেষ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jan 8, 2023, 9:56 AM IST

শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ নজৰুল ইছলামে । প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ জন্মস্থান মৰিগাঁৱত । মৰিগাঁও জিলাৰ জাগীৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কংগ্ৰেছৰ বিষয়ববীয়াই (Last tribute to Nazrul Islam in Morigaon) ।

Last tribute to former minister Nazrul Islam in Morrigaon
মৰিগাঁৱত প্ৰয়াত ডাঃ নজৰুল ইছলামলৈ শেষ শ্ৰদ্ধাঞ্জলি

মৰিগাঁও,৮ জানুৱাৰী: অন্ত পৰিল এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ ৷ শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ নজৰুল ইছলামে (Former minister Najrul Islam Passes away) ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকী ৷ শনিবাৰে গুৱাহাটীৰ ঘৰৰ পৰা চিকিৎসালয়লৈ অনাৰ পথতে ১০:২৫ বজাত মৃত্যু হয় ডাঃ নজৰুল ইছলামৰ (Dr Najrul Islam) ৷

প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ দেহাৱসানত শোকস্তব্ধ হৈ পৰে ৰাজ্যৰ ৰাজনৈতিক মহল । শোকত ভাগি পৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জন্মস্থান মৰিগাঁৱৰ ৰাইজ । শনিবাৰে প্ৰয়াত ডাঃ নজৰুল ইছলামৰ দেহাৱসানৰ পিছতেই সদ্য প্ৰয়াত ৰাজনৈতিক নেতাগৰাকীক APCC বিষয়-ববীয়াই গুৱাহাটীত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই ডাঃ নজৰুল ইছলামৰ নশ্বৰ দেহ লৈ যোৱা হয় মৰিগাঁৱলৈ ।

মৰিগাঁও জিলাৰ জাগীৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত সন্ধ্যাভাগত দলীয় পতাকা, পুষ্প অৰ্ঘ্যৰে সদ্য প্ৰয়াত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছৰ বিষয়-ববীয়াই (Last tribute to Nazrul Islam in Morigaon) । ৰাজ্যৰ প্ৰবীণ ৰাজনীবিদ, প্ৰাক্তন স্বাস্থ্য আৰু যোগান মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ নশ্বৰ দেহক মৰিগাঁও জিলাৰ কংগ্ৰেছ ভৱনত শনিবাৰে নিশা শেষ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰে মৰিগাঁও জিলা প্ৰশাসন তথা জিলা উপায়ুক্ত দেবাশীষ শৰ্মায়ো ।

স্মৰ্তব্য যে, ৭৪ বছৰৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰা প্ৰয়াত ডাঃ নজৰুল ইছলাম আছিল এগৰাকী সৰ্বভাৰতীয় ৰাজনীতিক (Former Congress Minister Najrul Islam) ৷ ভাৰতীয় জাতীয় কংগ্ৰছৰ পৰা অসম বিধানসভাৰ সদস্য হৈছিল ডাঃ নজৰুল ইছলাম ৷ মুখ্যমন্ত্ৰী তৰুণ গগৈ (Former CM Tarun Gogoi) মন্ত্ৰীসভাত দীৰ্ঘদিন ধৰি মন্ত্ৰিত্ব লাভ কৰিছিল ডাঃ নজৰুল ইছলামে ৷

২০০২ চনৰ ৭ জুনৰ পৰা ২০১৬ চনৰ 20 মে’লৈকে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্য, খাদ্য আৰু যোগানৰ দৰে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দ্বায়িত্বত আছিল (Assam Minister Najrul Islam) ৷ স্মৰ্তব্য যে, ১৯৯৬ চনৰ পৰা ২০২১ চনলৈকে লাহৰীঘাট সমষ্টিৰ পৰা পোনপটীয়াকৈ পাঁচবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ডাঃ নজৰুল ইছলাম ৷ প্ৰয়াত ডাঃ নজৰুল ইছলামে মৃত্যুৰ সময়ত পত্নী, বিধায়ক পুত্ৰকে ধৰি এৰি থৈ যায় বহু আত্মীয়ক ।

শনিবাৰে মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত শ্ৰদ্ধাৰ্ঘ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছ সভাপতি বীৰ কুমাৰ কোঁৱৰে মন্তব্য কৰে যে, ৰাজ্যৰ কংগ্ৰেছৰ বিভিন্ন বিষয়-বাবত থকাৰ উপৰিও মৰিগাঁও জিলাৰ কংগ্ৰেছৰ বাবে সদায়ে অভিভাৱকৰ দায়িত্ব পালন কৰিছিল ডাঃ নজৰুল ইছলামে ।

লগতে পঢ়ক: Drug peddlers arrested in Dibrugarh: ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ধনসহ আটক তিনি ড্ৰাগছ সহবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.