ETV Bharat / state

মৰিগাঁৱত সংগোপনে চলিছে পক্ষী নিধন যজ্ঞ - বনকৰ্মী

মৰিগাঁৱত অব্যাহত আছে পক্ষী নিধন যজ্ঞ। মৰিগাঁৱৰ বিভিন্ন জলাশয়ত চিকাৰীৰ মৰণ ফান্দ । বিলুপ্তপায় প্ৰজাতিৰ কামচৰাই 500 টকাত বিক্ৰী । লাহৰীঘাট, মৈৰাবাৰীৰ পৰা আৰম্ভ কৰি সমগ্ৰ জিলাখনত অতি সংগোপনে চলি আছে এই পক্ষী নিধন যজ্ঞ ।

large-numbers-of-wild-birds-seized-by-ranger-at-morigaon
মৰিগাঁৱত সংগোপনে চলিছে পক্ষী নিধন যজ্ঞ
author img

By

Published : Jul 15, 2021, 3:52 PM IST

মৰিগাঁও, 15 জুলাই : ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বিলসমূহলৈ পৰিভ্ৰমী চৰাইৰ আগমনৰ লগে লগে একাংশ লোকে সহজ ধন ঘটাৰ বাবে চৰাইসমূহক নিধন কৰি আহিছে ৷ পৰিভ্ৰমী চৰাইসমূহক একাংশ লোকে মাংসৰ লোভত নতুবা বিক্ৰী কৰি ধন ঘটাৰ লোভত বিভিন্ন প্ৰকাৰে আৱদ্ধ কৰি নিধন কৰে ৷ মৰিগাঁৱৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত উদ্ধাৰ হৈছে 20 টা প্ৰজাতিৰ বিধ ভিন্ন প্ৰজাতিৰ পক্ষী ৷

মৰিগাঁৱত সংগোপনে চলিছে পক্ষী নিধন যজ্ঞ

জৈৱ-বৈচিত্ৰৰে ভৰপূৰ মৰিগাঁৱত অৱস্থিত জলাশয়বোৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নানাবিধ প্ৰজাতিৰ চৰাই-চিৰিকটিয়ে বতৰ অনুসাৰে খাদ্যৰ সন্ধানত অহা দেখিবলৈ পোৱা যায় । অসাধু প্ৰকৃতিৰ একাংশ লোকৰ বাবে পৰিভ্ৰমী চৰাইবোৰ সাম্প্ৰতিক কালত উদ্বেগজনকভাৱে দুই-এটাহে দেখিবলৈ পোৱা যায় । লাহৰীঘাট আৰক্ষী চকীৰ অধীনষ্ঠ বৰচলা আৰক্ষী চকীৰ পূৱকাতি গাঁৱৰ এটি জলাশয়ত চৰি ফুৰা বিভিন্ন প্ৰজাতিৰ চৰাইবোৰক সংগোপনে চিকাৰীয়ে ফান্দ পাতি ধৰে ৷

এনেদৰে মাজে-সময়ে ধৰি অনা চৰাইবোৰ গোপনে বিক্ৰীৰে এক ৰমৰমীয়া বেহা চলাই অব্যাহত ৰাখিছে পক্ষী নিধন যজ্ঞ ।

large-numbers-of-wild-birds-seized-by-ranger-at-morigaon
মৰিগাঁৱত সংগোপনে চলিছে পক্ষী নিধন যজ্ঞ

উক্ত জলাশয়টোত ঘটি থকা এনেবোৰ ঘটনাৰ বিষয়ে মৰিগাঁও বনাঞ্চলিক বিষয়াই জানিব পাৰি তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ 20 টা চৰাই চিকাৰীয়ে বান্ধি ৰখা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বনকৰ্মীসকল যোৱাৰ উমান লাভ কৰি চিকাৰীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে উদ্ধাৰ হোৱা আটাইকেইটা চৰাইকে পবিতৰা অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছে ৷

চৰাই চিকাৰৰ লগত জড়িত কোনো লোক যাতে সাৰি যাব নোৱাৰে, তাৰ বাবে আইনগত ব্যবস্থা লোৱাৰ উদ্দেশ্যে বৰচলা উপ আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰা হৈছে ৷ এই বিষয় সন্দৰ্ভত সকলো কথা সদৰী কৰিছে মৰিগাঁও আঞ্চলিক বন বিষয়াগৰাকীয়ে ৷ সচেতন মহলে এই কাৰ্যৰ গৰিহণা দিয়ে ৷

লগতে পঢ়ক: নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.