ETV Bharat / state

21 জানুৱাৰীৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

২১ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়াকৈ জোনবিল মেলা ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে মেলাৰ প্ৰস্তুতি । এইবাৰৰ মেলাতো উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ বিশ্ব শৰ্মা, স্থানীয় বিধায়কদ্বয় ক্ৰমে পীয়ূষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷

Junbil Mela held from 21 January at Marigaon
21 জানুৱাৰীৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা
author img

By

Published : Jan 15, 2021, 11:08 PM IST

Updated : Jan 16, 2021, 7:37 AM IST

মৰিগাঁও, 15 জানুৱাৰী : মৰিগাঁৱত অহা ২১ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰাচীন গোভা জোনবিল মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে উল্লেখ কৰা অনুসৰি প্ৰথম দিনা কাৰ্যসূচীৰ মতে গোভা ৰজা দীপসিং দেউৰজাই জোনবিলত মাছ ধৰি ভোজভাত আৰু কৰকাতল সংগ্ৰহ কৰিব ।

21 জানুৱাৰীৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা

দ্বিতীয় দিনাৰ কাৰ্যসূচী ঐতিহাসিক পাহাৰ ভৈয়ামৰ খাদ্য সম্ভাৰৰ বিনিময় সম্পন্ন হ’ব । পুৱতি নিশা এই বিনিময় প্ৰথা উদ্ধোধন কৰিব মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে । আনহাতে তৃতীয় দিনা মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ বিশ্ব শৰ্মা, স্থানীয় বিধায়কদ্বয় ক্ৰমে পীয়ূষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ।

মুকলি সভাতে ১৮ গৰাকী প্ৰতীকি তিৱা ৰজাক এক লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব ৷ উল্লেখযোগ্য যে, এইবছৰ পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মণ্ডল, ডিমাপুৰৰ নেতৃত্বত চুবুৰীয়া কেইবাখনো ৰাজ্যৰ সাংস্কৃতিক দলে স্বকীয় কৃষ্টি-সংস্কৃতি বিনিময় কৰিব । ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে দেশী বিদেশী পৰ্যটক তথা গৱেষকসকলৰ বাবে ব্যৱস্থা কৰা হৈছে অভ্যৰ্থনাৰ সু-ব্যৱস্থা ৷ এই সকল অতিথি থকাৰ বাবে সু ব্যৱস্থাৰে সাজু কৰি তোলা হৈছে এশখন বিছনা । অৱশ্যে এই সুবিধাৰ বাবে অনলাইন যোগে পূৰ্বেই আবেদন কৰিব লাগিব বুলি বুলি উল্লেখ কৰিছে মেলাৰ সম্পাদক জুৰসিং বৰদলৈয়ে । আয়োজক সকলে সকলো ৰাইজক ক’ভিড প্ৰ’টকল মানি মাস্ক পৰিধান কৰিহে মেলাথলিত উপস্থিত থাকিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

Last Updated : Jan 16, 2021, 7:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.